সম্ভাৱিতা
From Wikipedia, the free encyclopedia
সম্ভাৱিতা বা সম্ভাৱনা তত্ত্ব হৈছে গণিতৰ এটি শাখা য'ত গণনামূলকভাবে কোনো ঘটনা বা ভৱিষ্যত পৰীক্ষাৰ এটি নিৰ্দিষ্ট ফলাফলত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়।[1] বিন্যাস তথা সমাবেশ গৱেষণা সম্ভাৱনা নিৰ্ণয়ৰ বাবে উপযোগী। ই পৰিসংখ্যাৰ অন্যতম ভিত্তি। একোটা পৰীক্ষাত ঘটিব পৰা ঘটনাৰ ফল একোটাৰ সম্ভাৱ্য জোখকে সম্ভাৱিতা বুলি কোৱা হয়।
কোনো ঘটনা ঘটাৰ সম্ভাৱনা পৰিমাপ কৰাই সম্ভাৱিতা। সম্ভাৱিতাৰ সৈতে ঘটনাৰ যোগসূত্ৰ প্ৰচুৰ। 'ঘটনা' হৈছে আমাৰ চাৰিওফালে দৃশ্যমান এনে কোনো পৰিস্থিতি যাৰ ফলাফল বিদ্যমান। আৰু 'সম্ভাৱিতা' হ'ল এনে এটি গাণিতিক হিচাব যি আমাক ঘটনা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাত সহায়তা কৰে। সম্ভাৱিতা সম্পৰ্কে বিস্তাৰ ভাৱে জানিবলৈ বিভিন্ন বিষয় সম্পৰ্কে স্বচ্ছ ধাৰণা থাকা দৰকাৰ: যোৰ, বিন্যাস, সমাৱেশ ইত্যাদি। এটি ঘটনা A-ৰ সম্ভাৱিতাৰ সংজ্ঞা এনেকৈ দিব পাৰি- ধৰা হ'ল A এটা ঘটনা আৰু A-ৰ সম্ভাৱিতাক ০ আৰু ১ ৰ ভিতৰত এটি প্ৰকৃত ৰাশিৰ দ্বাৰা প্ৰকাশ কৰা যায়, যাক আমি P(A), p(A) বা Pr(A) বুলি লিখোঁ।[2] কোনো ঘটনাৰ সম্ভাৱিতা ০ হ'লে তাক অসম্ভৱ ঘটনা, আৰু কোনো ঘটনাৰ সম্ভাৱিতা ১ হ'লে তাক কোৱা হয় অৱশ্যম্ভাৱী ঘটনা।[3][4]