সময় অঞ্চল
From Wikipedia, the free encyclopedia
সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন স্থানীয় সময় মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।
ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘণ্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। নিউয়ৰ্কৰ পৰা নেভাডা পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে ট'ৰ'ণ্ট', নিউয়ৰ্ক, ৱাশ্বিংটন্ ডি.চি., হাভানা, কিংষ্ট'ন, ব'গ'টা, ডেট্ৰয়েট আৰু লিমা ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে আলমাতি, ওমস্ক আৰু ঢাকা চহৰ একেই সময়াঞ্চলৰ অধীন।