সন্তোষ যাদৱ
ভাৰতীয় পৰ্বতাৰোহী / From Wikipedia, the free encyclopedia
সন্তোষ যাদৱ (ইংৰাজী: Santosh Yadav) (জন্ম-১০ অক্টোবৰ ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় পৰ্বতাৰোহী৷ মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰা তেখেত পৃথিৱীৰ প্ৰথমগৰাকী মহিলা৷ [1] ইয়াৰ উপৰি কাংছুক ফেচৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা মহিলাৰ ভিতৰতো তেখেতেই প্ৰথম৷ সন্তোষ যাদৱে ১৯৯২ চনৰ মে' মাহত প্ৰথমবাৰ আৰু ১৯৯৩ চনত এটা ইণ্ডো-নেপালী দলৰ লগত দ্বিতীয়বাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰে৷
ক্ষিপ্ৰ তথ্য সন্তোষ যাদৱSantosh Yadav, জন্ম ...
সন্তোষ যাদৱ Santosh Yadav | |
---|---|
২০০৮ চনত পৰ্বতাৰোহণ কা ৰোমাঞ্চ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত সন্তোষ যাদৱ | |
জন্ম | ১০ অক্টোবৰ, ১৯৬৭ (৫৬ বছৰ) জনিয়াৱাছ, ৰেৱাৰি, হাৰিয়ানা, ভাৰত |
পেচা | পৰ্বতাৰোহী |
দাম্পত্যসঙ্গী | উত্তম কুমাৰ লাল (১৯৯২) |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
ৱেবছাইট | |
santoshyadavmountaineer |
বন্ধ কৰক
সন্তোষ যাদৱে ১৯৯২ চনৰ প্ৰথমটো এভাৰেষ্ট অভিযানৰ সময়ত মোহন সিং নামৰ পৰ্বতাৰোহীজনক অক্সিজেন যোগান ধৰি তেওঁৰ প্ৰাণৰক্ষা কৰে৷ ছাউথ কোলত শয্যাশায়ী হৈ থকা আন এগৰাকী পৰ্বতাৰোহীক তেখেতে বচোৱাৰ প্ৰয়াস কৰে যদিও অসমৰ্থ হয়৷ [2]