সদস্য:IKHazarika/পৰীক্ষাগাৰ
From Wikipedia, the free encyclopedia
কাপা (জাপানী ভাষাত 河童 বা "নদী-পুত্ৰ") বা কাৱাটাৰ' (川太郎 যাৰ অৰ্থ "নদী-ল'ৰা") বা কাৱাক' (川子 যাৰ অৰ্থ "নদী-সন্তান") জাপানী লোক বিশ্বাসৰ এক য়'কাই (এক প্ৰকাৰৰ ভূত)[1][2][3]। কাপা নাম কাৱা (নদী) আৰু ৱাপা ~ ৱাৰাবে (সন্তান)ৰ পৰা উদ্ভৱ হোৱা। শ্বিণ্ট'ত কাপাক এজন চুইজিন বা জল দেৱতা অথবা য়'ৰিচিৰ বা তেওঁলোকৰ এক অলপ সময়ৰ বাবে লোৱা অৱতাৰ বুলি গণ্য কৰা হয়।[4] নোমাল কাপাক হ্য'চুবে (ひょうすべ) বোলা হয়।[5] বিভিন্ন অঞ্চলত কাপা সম্বন্ধিত ৮০তকৈও অধিক নামৰ প্ৰচলন দেখা গৈছে, যেনে কাৱাপা, গাৱাপা, ক'গ', মিজুশ্বি, মিজুচি, এন্ক', কাৱাচ', চুইটেঙু, ডাঙামে আদি।[3] জাপানত অনি, টেঙু আৰু কাপা আটাইতকৈ জনাজাত য়'কাইৰ মাজত অন্যতম।[6][7]
এই পৃষ্ঠাটো IKHazarika পৃষ্ঠাৰ পৰীক্ষাগাৰ/ছেণ্ডবক্স। পৰীক্ষাগাৰ পৃষ্ঠাবোৰ কোনো সাঁচ পৃষ্ঠাৰ উপপৃষ্ঠা বা প্ৰবন্ধ যাক মূল পৰীক্ষাগাৰ বা প্ৰবন্ধটোৰ কোনো পৰিবৰ্তন প্ৰবৰ্তন কৰাৰ পূৰ্বে পৰীক্ষা কৰি চাবলৈ ব্যৱহাৰ কৰা হয়। পৰীক্ষা শেষ হোৱাৰ পাছত ({{Sandbox notice}}) টো এৰি বাকীখিনি মচি থৈ যোৱাৰ নিয়ম। অথবা অন্যান্য পৰীক্ষাগাৰসমূহ: Main Sandbox | Tutorial Sandbox 1 | Tutorial Sandbox 2 | Tutorial Sandbox 3 | Tutorial Sandbox 4 | Tutorial Sandbox 5 আদিও ব্যৱহাৰ কৰিব পাৰে। |
- ✍ ঈশান কাশ্যপ হাজৰিকা, দশম শ্ৰেণী, উত্তৰ লখিমপুৰ
এই প্ৰবন্ধ/অংশৰ ভাষা অসমীয়া নহয়। অনুগ্ৰহ কৰি অসমীয়ালৈ অনুবাদত সহায় কৰক। |
কাপাৰ ছবি | |
শ্ৰেণী | য়'কাই, ক্ৰিপ্টিড্ |
---|---|
অন্য নাম | গাটাৰ', কাৱাক' |
দেশ | জাপান |
কাপাৰ ফিনলেণ্ডৰ নেক্কি, জাৰ্মেনি আৰু স্কাণ্ডিভেনিয়াৰ নেক, স্কটলেণ্ডৰ কেল্পি আদিৰ সৈতে মিল আছে। আটাইকে নদী আদিৰ পাৰত থকা বিপদৰ বিষয়ে সৰু ল'ৰা-ছোৱালীক সতৰ্ক কৰিবলৈ ব্যৱহাৰ কৰা হয়।
কোনো কোনোৰ মতে কাপাৰ কাহিনী জাপানৰ বিশাল চেলামেণ্ডাৰ বা হান্জাকিৰ পৰা উদ্ভৱ হোৱা, যি এক আক্ৰমণাত্মক চেলামেণ্ডাৰ, যিয়ে নিজৰ শক্তিশালী মুখেৰে চিকাৰ কৰে।[8]