সংহতি তত্ত্ব
From Wikipedia, the free encyclopedia
সংহতি তত্ত্ব (ইংৰাজী: Set theory) গাণিতিক লজিকৰ এটি শাখা য'ত কোনো একে বৈশিষ্ট্য যুক্ত উপাদানৰ গোট সম্পৰ্কীয় আলোচনা কৰা হয়।[1] বাস্তৱ বা চিন্তা জগতৰ সু-সংজ্ঞাবদ্ধ বস্তুৰ সমাৱেশ বা সংগ্ৰহকে সংহতি বোলে। যেনেঃ অসমীয়া, ইংৰাজি আৰু গণিত এই তিনিটা শিক্ষা বিষয়ক এটা সংহতি। একেদৰে প্ৰথম দহটি অযুগ্ম সংখ্যাৰ সংহতি, পূৰ্ণ সংখ্যাৰ সংহতি, বাস্তৱ সংখ্যাৰ সংহতি ইত্যাদি। প্ৰায় সকলো গাণিতিক উপাদানৰ সংজ্ঞাতে সংহতি তত্ত্বৰ ভাষা ব্যৱহাৰ কৰিব পাৰি। বিখ্যাত জাৰ্মান গণিতবিদ জৰ্জ কেন্টৰে (১৮৪৫-১৯১৮) সংহতি সম্পৰ্কীয় প্ৰথম ধাৰণা ব্যাখ্যা কৰিছিল। তেওঁ অসীম সংহতিৰ ধাৰণা প্ৰদান কৰি গণিত শাস্ত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল। এই সংহতিৰ ধাৰণাই পিছলৈ সংহতি তত্ত্ব (Set theory) নামে পৰিচিত হৈ পৰে।