ষ্টিভেন স্পিলবাৰ্গ
From Wikipedia, the free encyclopedia
ষ্টিভেন এলান স্পিলবাৰ্গ (ইংৰাজী: Steven Allan Spielberg; জন্ম: ১৮ ডিচেম্বৰ, ১৯৪৬) হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়।[2] কিছুমান টেলিভিছন শ্ব' পৰিচালনা কৰি আৰু সেইবোৰৰ প্ৰদৰ্শনী কৰি তেওঁ হলিউডত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। ১৯৭৫ চনত তেওঁ জ'ছ (Jaws) নামৰ ছবিখন পৰিচালনা কৰে। ছবিখনে ব্যৱসায়িক দিশত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে সমালোচকমহলৰ পৰাও প্ৰশংসা আদায় কৰে। সেইখন ছবিৰ জৰিয়তে তেওঁ বৃহত্তৰ দৰ্শক-সমাজৰ মাজতো এটা চিনাকি নাম হৈ পৰে।[3] তেওঁৰ কিছুমান বিশ্ব-প্ৰসিদ্ধ ছবি হৈছে "ক্ল'জ এনকাউণ্টাৰ অৱ দা থাৰ্ড কাইণ্ড" (১৯৭৭), "ই.টি.-দা এক্সট্ৰা-টেৰেষ্টিয়েল" (১৯৮২), "জুৰাছিক পাৰ্ক" (১৯৯৩) আদি।[4]
ষ্টিভেন স্পিলবাৰ্গ | |
---|---|
২০১৭ চনত ষ্টিভেন স্পিলবাৰ্গ | |
জন্ম | ষ্টিভেন এলান স্পিলবাৰ্গ ১৮ ডিচেম্বৰ, ১৯৪৬ (৭৭ বছৰ) চিনচিনাটি, অহাইঅ', আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্ছিটি |
পেচা | ছবি প্ৰযোজক, ছবি পৰিচালক, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৫৯ – বৰ্তমানলৈকে |
মুঠ আয় | ৩.৭ বিলিয়ন আমেৰিকান ডলাৰ (২০১৮)[1] |
আত্মীয়-স্বজন | আন স্পিলবাৰ্গ (ভগ্নী) |
স্বাক্ষৰ | |
স্পিলবাৰ্গ "এমব্লিন এণ্টাৰটেইনমেণ্ট" আৰু "ড্ৰিমৱৰ্কছ পিকচাৰ্ছ" নামৰ ষ্টুডিঅ' দুটাৰ সহ-প্ৰতিষ্ঠাতা, য'ত তেওঁ একাধিক সফল ছবিৰ ত্ৰি'লজীৰ প্ৰযোজনা আৰু কাৰ্যবাহী প্ৰযোজকৰ ভূমিকাত অৱতীৰ্ণ হয়। তাৰ ভিতৰত গ্ৰেমলিনছ, বেক টু দা ফিউচাৰ, মেন ইন ব্লেক আৰু ট্ৰেন্সফৰ্মাছ আদি প্ৰধান।[5][6]
স্পিলবাৰ্গ হৈছে এনে এজন আমেৰিকান ছবি-নিৰ্মাতা, যি নিজৰ পৰিচালনা-দক্ষতা আৰু বহুমুখিতাৰ বাবে বিশেষভাৱে সমাদৰ পাইছে।[7][8] উল্লেখযোগ্য যে তেওঁ এতিয়ালৈকে দুবাৰ অস্কাৰ বঁটাৰে সন্মানীত হৈছে। তেওঁৰ কিছুমান ছবিয়ে সৰ্বকালৰ সৰ্বাধিক-উপাৰ্জনকাৰী ছবিৰ তালিকাতো স্থান দখল কৰিছে। আনহাতে ছবিনিৰ্মাণৰ জৰিয়তে আহৰণ কৰা ধনে তেওঁক এজন সৰ্বাধিক উপাৰ্জনকাৰী পৰিচালকৰ সন্মান দিছে।[9]