শৰৎ আৰু বসন্তৰ যুগ
From Wikipedia, the free encyclopedia
শৰৎ আৰু বসন্তৰ যুগ (সৰলীকৃত চীনা: 春秋时代; পৰম্পৰাগত চীনা: 春秋時代, পিন্যিন: Chūnqiū Shídài) চীনৰ ইতিহাসৰ এটি সময়, যি আনুমানিক খ্ৰীষ্টপূৰ্ব ৭৭১ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৬লৈকে (বা খ্ৰীষ্টপূৰ্ব ৪০৩) ঝৌ সাম্ৰাজ্যৰ শেষৰ ফালে দেখা গৈছিল।[1] এই কাল পূব ঝৌ কালৰ অন্তৰ্গত। এই কালৰ নাম পোৱা যায় খ্ৰীষ্টপূৰ্ব ৭২২ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৯ৰ লু ৰাজ্যৰ এটি বিৱৰণীত, যাৰ নাম "শৰৎ আৰু বসন্তৰ ইতিবৃত্ত।" এই সময়ত অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগেই ডাঙৰ ডাঙৰ ৰাজ্য়ৰ মাজত আধিপত্যৰ বাবে প্ৰতিযোগিতা আৰম্ভ হৈছিল। সেই সময়তে সামাজিক ব্যৱস্থাৰ সালসলনি দেখা গৈছিল। তাৰ লগতে, কৃষিকাৰ্যৰ বিভিন্ন সৰঞ্জাম, গৰুৰ সহায়ত খেটি কৰা আদিৰ প্ৰচলন বৃদ্ধি পাইছিল।[2]