শৰীৰস্থান
From Wikipedia, the free encyclopedia
শৰীৰস্থান (ইংৰাজী: Anatomy; এনাটমী) হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা। মানৱ শৰীৰ বিদ্যা, প্ৰাণী শৰীৰ বিদ্যা আৰু উদ্ভিদ শৰীৰ বিদ্যা ইয়াৰ অন্তৰ্গত। ভ্ৰুণবিদ্যা, তুলনামুলক শৰীৰস্থান, তুলনামুলক ভ্ৰুণবিদ্যা আদিও ইয়াৰ লগত জড়িত বিভাগ।[1]
শৰীৰস্থানক "সম্যক শৰীৰস্থান" (gross anatomy/macroscopic anatomy) আৰু "আণুবীক্ষণিক শৰীৰস্থান" (microscopic anatomy) এই দুটা ভাগত ভগাব পাৰি।[1] সম্যক শৰীৰস্থান (ইয়াক স্থানীয় শৰীৰস্থান আৰু এনথ্ৰ’প’টমী বুলিও কোৱা হয়, topographical anatomy, regional anatomy, anthropotomy) হৈছে খালী চকুৰে দেখা পোৱা শৰীৰৰ অংগবোৰৰ অধ্যয়ন।[1] অণুবীক্ষণ যন্ত্ৰৰ সহায়ত শৰীৰৰ সূক্ষ্ম গঠনৰ অধ্যয়নকে আণুবীক্ষণিক শৰীৰস্থান বুলি ক’ব পাৰি। কলাবিদ্যা (histology, শৰীৰৰ কলাসমূহৰ বিন্যাস সম্পৰ্কে অধ্যয়ন) আৰু কোষ বিদ্যা (Cell biology/cytology, কোষসমূহৰ অধ্যয়ন) ইয়াৰ অন্তৰ্গত।
শৰীৰস্থানৰ ইতিহাস চালে সময়ৰ লগে লগে শৰীৰৰ অংগ আৰু গঠন সম্পৰ্কীয় জ্ঞানৰ দ্ৰুত বিকাশ চকুত পৰে। পুৰণি কালৰ জন্তু আৰু মৃত মানৱ শৰীৰ কাটি-ছিঙি পৰীক্ষা কৰা উপায়বোৰো বিংশ শতিকাৰ প্ৰযুক্তিগত জটিল কৌশল যেনে এক্স ৰে’, আলট্ৰাচাউণ্ড, এম.আৰ.আই. আদিৰ উত্থানৰ ফলত ক্ৰমাৎ নোহোৱা হৈ পৰিছে।
শৰীৰস্থানক শৰীৰ ৰোগতত্ত্ব (anatomical pathology)ৰ লগত ভুল কৰিব নালাগে, এই বিষয়টো হৈছে ৰোগগ্ৰস্ত অংগৰ সম্যক আৰু আণুবীক্ষণিক অধ্যয়ন।