শৰীৰতত্ত্ব
From Wikipedia, the free encyclopedia
শৰীৰতত্ত্ব (Physiology) pron.: /ˌfɪziˈɒlədʒi/) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।[1]। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়। ১৯০১ চনৰ পৰা ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্স-এ শৰীৰতত্ত্ব বিষয়ত সৰ্বোচ্চ সন্মান শৰীৰতত্ত্ব আৰু চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰি আহিছে।