শ্যাম বেনেগাল
From Wikipedia, the free encyclopedia
শ্যাম বেনেগাল (ইংৰাজী: Shyam Benegal ; জন্ম: ১৪ ডিচেম্বৰ ১৯৩৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁক সমান্তৰাল চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক আৰু ১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়।[1] তেওঁ আঠাইশটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটাকে ধৰি বিভিন্ন বঁটা-বাহন লাভ কৰিছে। ২০০৫ চনত লাভ কৰে ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা। শিল্প-কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অন্যবদ্য বৰঙণিৰ বাবে ১৯৭৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ১৯৯১ চনত তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ[2] প্ৰদান কৰে।
শ্যাম বেনেগাল | |||||||||
---|---|---|---|---|---|---|---|---|---|
মুম্বাইৰ নিজৰ কাৰ্যালয়ত বেনেগাল | |||||||||
জন্ম | ১৪ ডিচেম্বৰ, ১৯৩৪ (৮৯ বছৰ) তিৰুমংগলগিৰি, হায়দৰাবাদ ষ্টেট, বৃটিছ ভাৰত (বৰ্তমান তেলেংগানাত) | ||||||||
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্য লেখক | ||||||||
দাম্পত্যসঙ্গী | নীৰা বেনেগাল | ||||||||
সন্তান | ১ | ||||||||
আত্মীয়-স্বজন | গুৰু দত্ত (সম্বন্ধীয় ভাতৃ) | ||||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি | ১৯৭৯ পদ্মশ্ৰী ১৯৯১ পদ্মভূষণ ২০০৫ দাদাচাহেব ফাল্কে বঁটা ২০১৩ এ এন আৰ ৰাষ্ট্ৰীয় বঁটা | ||||||||
|
ফটোগ্ৰাফীৰ ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিত্ব শ্ৰীধৰ বি বেনেগালৰ হায়দৰাবাদৰ ঘৰত শ্যাম বেনেগালৰ জন্ম হৈছিল।[3] কপিৰাইটাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা বেনেগালে ১৯৬২ চনত গুজৰাটী ভাষাত ঘেৰ বেঠা গংগা নামেৰে প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বেনেগালৰ প্ৰথম চাৰিখন পূৰ্ণদৈৰ্ঘ্য ছবি অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাই (১৯৭৭) তেওঁক সেই সময়ৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক কৰি তুলিছিল।[4] বেনেগালৰ মুছলমান মহিলা ত্ৰিল’জী ছবি- মাম্মো (১৯৯৪), চৰ্দাৰী বেগম (১৯৯৬) আৰু জুবেইদাই (২০০১) হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[5] বেনেগালে ৭বাৰ হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণগৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০১৮ চনত তেওঁক ‘ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰা হৈছিল।