শান্তি ন'বেল বঁটা
From Wikipedia, the free encyclopedia
শান্তি নবেল বঁটা(ইংৰাজী: Nobel Peace Prize) হৈছে চুইডেনৰ উদ্যোগপতি, আৱিষ্কাৰক আৰু অস্ত্ৰ-শস্ত্ৰ (সামৰিক অস্ত্ৰ আৰু সঁজুলি) নিৰ্মাতা আলফ্ৰেড নবেলৰ দ্বাৰা স্থাপিত পাঁচটা নবেল বঁটাৰ মাজত এটা। বাকি চাৰিটা বটা হৈছে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞান, আৰু সাহিত্য ন'বেল বঁটা। ১৯০১ চনৰ মাৰ্চ মাহৰ পৰা,[4] যিসকলে ৰাষ্ট্ৰসমূহৰ মাজত ভ্ৰাতৃত্বৰ বাবে, আৰু শান্তি অনুষ্ঠিত আৰু প্ৰচাৰৰ বাবে সৰ্বাধিক কাম কৰি আহিছে, তেওঁলোকক বছৰি (কিছু ব্যতিক্ৰমৰ বাহিৰে) এই বটাৰে সন্মান জনোৱা হয়।[5]
Nobel Peace Prize | |
---|---|
Norwegian: Nobels fredspris | |
প্ৰদান কৰা হয় | Outstanding contributions in peace |
অৱস্থান | Oslo, Norway |
প্ৰদান কৰোঁতা | নৰৱেৰ নবেল কমিটি, আলফ্ৰেড নবেলৰ হৈ |
পুৰস্কাৰ | 10 million NOK (2020)[1] |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১০ ডিচেম্বৰ ১৯০১; ১২২ বছৰ আগত (1901-12-10)[2] |
Currently held by | World Food Programme (2020)[3] |
আটাইতকৈ বেছি পুৰস্কাৰ | International Committee of the Red Cross (3) |
ৱেবচাইট | Nobelprize.org |
আলফ্ৰেড নবেলৰ ইচ্ছা অনুসৰি, প্ৰাপ্তকৰ্তাক নৰৱেৰ নবেল কমিটিয়ে বাছনি কৰে, যি হৈছে নৰৱেৰ সংসদৰ দ্বাৰা নিযুক্ত পাঁচ জনীয়া এটা সমিতি। ২০২০ বৰ্ষৰ পুৰস্কাৰটো অছলʼ বিশ্ববিদ্যালয়ৰ এট্ৰিয়ামত প্ৰদান কৰা হৈছিল, য'ত ১৯৪৭-১৯৮৯ চনলৈ এই অনুষ্ঠান পতা হৈছিল; ভৱনটোত এবেল বঁটাও প্ৰদান কৰা হয়।[6] পূৰ্বতে অছলো চিটি হল (১৯৯০-২০১৯), নৰৱেৰ নবেল ইনষ্টিটিউট (১৯০৫-১৯৪৬), আৰু সংসদ (১৯০১-১৯০৪)ত এই বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ ৰাজনৈতিক প্ৰকৃতিৰ বাবে, শান্তিৰ নবেল বঁটা, ইয়াৰ ইতিহাসৰ বেছিভাগ সময়ৰ বাবে, বহুতো বিতৰ্কৰ বিষয় হৈ আহিছে। আটাইতকৈ শেহতীয়া পুৰস্কাৰটো 2020 চনত বিশ্ব খাদ্য কাৰ্যসূচীক প্ৰদান কৰা হৈছিল; ২০২১ চনৰ পুৰস্কাৰৰ বাবে মনোনয়ন ২০২১ চনৰ জানুৱাৰীত বন্ধ হৈছে।[7]