লেৰী ছেংগাৰ
ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক / From Wikipedia, the free encyclopedia
লৰেঞ্চ মাৰ্ক ছেংগাৰ (ইংৰাজী: Larry Sanger, /ˈsæŋər/;[1] জন্ম ১৬ জুলাই ১৯৬৮) এজন আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক। তেৱেঁ ৱিকিপিডিয়াৰ নামকৰণ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰা নীতিসমূহ লিখি উলিয়াইছিল। ছেংগাৰে অন্য শিক্ষামূলক ৱেবচাইট, যেনে -নুপিডিয়া, চিটিজেনডিয়াম, এভ্ৰিপিডিয়া আদিতো অৱদান আগবঢ়াইছে।
লেৰী ছেংগাৰ | |
---|---|
২০০৬ৰ জুলাইত ছেংগাৰ | |
জন্ম | লৰেঞ্চ মাৰ্ক ছেংগাৰ জুলাই ১৬ , ১৯৬৮ (৫৫ বছৰ) বেলভিউ, ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষা | ৰীড কলেজ (কলা স্নাতক) অ'হিও ৰাজ্যিক বিশ্ববিদ্যালয় (কলা স্নাতকোত্তৰ, পি এইচ ডি |
পেচা | ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ |
জনা যায় | ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক |
ৱেবছাইট | |
LarrySanger.org |
কলেজত পঢ়ি থকা অৱস্থাতে ছেংগাৰৰ শৈক্ষিক ক্ষেত্ৰত ইণ্টাৰনেটৰ ব্যৱহাৰ সম্পৰ্কে আগ্ৰহ বাঢ়িছিল আৰু ২০০০ চনত নুপিডিয়াৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈছিল। নুপিডিয়াৰ মন্থৰ বিকাশত হতাশ হৈ তেওঁ এখন ৱিকিৰ বাস্তৱায়নৰ আৰু নুকিপিডিয়াৰ ‘পীয়েৰ-ৰিভিউ’ পদ্ধতিৰে প্ৰবন্ধ গ্ৰহণৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱৰ গইনা লৈ ২০০১ চনত ৱিকিপিডিয়াৰ জন্ম হৈছিল। ছেংগাৰে আৰম্ভণিৰ সময়চোৱাত ৱিকিপিডিয়াৰ কমিউনিটি লীডাৰ হিচাপে সেৱা আগবঢ়াইছিল, কিন্তু এই প্ৰকল্পটোৰ প্ৰতি জন্মা বৰ্দ্ধিত হতাশাই ২০০২ চনত তেওঁক ৱিকিপিডিয়া এৰিবলৈ বাধ্য কৰিছিল।
ৱিকিপিডিয়াৰ পৰা আঁতৰি যোৱাৰ পিছত, ২০০৭ চনত “মেৰামতি কৰিব নোৱাৰাকৈ ভাঙি পৰা”[2] বুলি প্ৰকল্পটোৰ প্ৰতি সমালোচনামুখৰ হৈ পৰিছিল। তেওঁ যুক্তি দিছিল যে যোগ্যতা থকা সত্ত্বেও দক্ষতা আৰু কৰ্তৃত্বৰ প্ৰতি শ্ৰদ্ধা নথকা বাবে ৱিকিপিডিয়াৰ বিশ্বাসযোগ্যতা নাই। ৱিকিপিডিয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২০০৬ চনত তেওঁ চিনিজেনডিয়াম প্ৰতিষ্ঠা কৰিছিল।
ইণ্টাৰনেটৰ বাদেও ছেংগাৰ অন্যতম আগ্ৰহ দৰ্শনশাস্ত্ৰ, বিশেষকৈ Epistemology, প্ৰাক-আধুনিক দৰ্শনশাস্ত্ৰ আৰু নীতিশাস্ত্ৰ। তেওঁ নিজে শিক্ষাগ্ৰহণ কৰা অ’হিও ৰাজ্যিক বিশ্ববিদ্যালয়ত দৰ্শনশাস্ত্ৰ শিকাইছিল।