লী ক'ৰবাজিয়ে
আমেৰিকাৰ এগৰাকী স্থপতিবিদ, শিল্পী আৰু লেখক / From Wikipedia, the free encyclopedia
চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (ইংৰাজী: Charles-Édouard Jeanneret-Gris), যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (Le Corbusier; ফৰাচী: [lə kɔʁbyzje]; ৬ অক্টোবৰ, ১৮৮৭ – ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক। তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়। ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অট্টালিকাসমূহ তেওঁৰ পাঁচটা দশক জোৰা স্থপতিবিদ্যাৰ নিদৰ্শন।