লিম্ফ'মা
From Wikipedia, the free encyclopedia
লিম্ফ'মা (ইংৰাজী: Lymphoma) হৈছে লিম্ফ'ছাইটৰ (শ্বেত ৰক্ত কোষৰ এক প্ৰকাৰ) পৰা বিকশিত তেজ আৰু লসীকা বা লিম্ফৰ টিউমাৰৰ এটা গোট। বৰ্তমান সময়ত লিম্ফ'মা নামটোৱে সাধাৰণতে এনে সকলো টিউমাৰৰ পৰিৱৰ্তে কেৱল কৰ্কট ৰোগজনিত সংস্কৰণক বুজায়।[7] লক্ষণসমূহৰ ভিতৰত লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ, ঘামত তিতি যোৱা, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি হোৱা আৰু অনবৰতে ভাগৰুৱা অনুভৱ কৰা অন্যতম।[1][2] বৃদ্ধি হোৱা লিম্ফ ন'ডবোৰ সাধাৰণতে বিষহীন হয়।[1] সচৰাচৰ ৰাতিৰ সময়ত ঘাম বেছিকৈ ওলায়।[1][2]
লিম্ফ'মা | |
---|---|
লিম্ফ ন'ডৰ ঠাইত কূপীয় লিম্ফ'মা | |
বিভাগ | হেমাট'লজি আৰু অনক'লজি |
লক্ষণ | লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ, ঘাম, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি, ভাগৰুৱা অনুভৱ কৰা[1][2] |
আশংকাৰ কাৰণ | এপষ্টাইন–বাৰ ভাইৰাছ, স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্ছ, ধূমপান সেৱন[2][3] |
ৰোগ নিৰূপণ | লিম্ফ ন'ড বায়'প্সি[1][2] |
চিকিৎসা | কেম'থেৰাপি, ৰেডিয়েশ্যন থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, শল্য চিকিৎসা[1][2] |
আৰোগ্য সম্ভাৱনা | গড় হিচাপত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ: ৮৫% (আমেৰিকা যুক্তৰাষ্ট্ৰ)[4] |
পুনৰাবৃত্তি | ৪.৯ মিলিয়ন (২০১৫)[5] |
মৃত্যু | ২০৪,৭০০ (২০১৫)[6] |
লিম্ফ'মাৰ বহুতো উপপ্ৰকাৰ জনা যায়।[8] লিম্ফ'মাৰ দুটা ঘাই শ্ৰেণী হৈছে হজকিন লিম্ফ'মা (HL) (১০% কেছৰ ক্ষেত্ৰত)[9] আৰু নন-হজকিন লিম্ফ'মা (NHL) (৯০% কেছৰ ক্ষেত্ৰত)।[9][10] বিশ্ব স্বাস্থ্য সংস্থাই লিম্ফ'মাৰ প্ৰকাৰ হিচাপে আন দুটা শ্ৰেণী অন্তৰ্ভুক্ত কৰিছে – প্লাজমা কোষ মাইল’মা আৰু লিম্ফ'প্ৰলিফেৰেটিভ ৰোগ।[11] লিম্ফ'মা আৰু লিউকেমিয়া হৈছে হেমাট'পয়েটিক আৰু লিম্ফ'ইড কলাৰ টিউমাৰৰ এটা বিশাল গোটৰ অংশ।[12]
হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল এপষ্টাইন–বাৰ ভাইৰাছৰ সংক্ৰমণ আৰু পৰিয়ালত এই ৰোগৰ ইতিহাস।[1] আনহাতে, সাধাৰণ প্ৰকাৰৰ নন-হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্ছ, মানৱ টি-লিম্ফ’ট্ৰপিক ভাইৰাছৰ সংক্ৰমণ, ইমিউন’ছাপ্ৰেছিভ ঔষধ, আৰু কিছুমান কীটনাশক।[2][13] প্ৰচুৰ পৰিমাণে ৰেড মীট খোৱা আৰু ধঁপাত সেৱন কৰিলেও বিপদাশংকা বৃদ্ধি পাব পাৰে।[3][14][15] যদিহে বৃদ্ধি হোৱা লিম্ফ ন'ডৰ উপস্থিতি দেখা যায়, তেতিয়া সচৰাচৰ লিম্ফ ন'ড বায়'প্সিৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়।[1][2] তেজ, প্ৰস্ৰাৱ আৰু অস্থি মজ্জাৰ পৰীক্ষা কৰাটোও ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে।[2] তাৰ পিছত মেডিকেল ইমেজিঙৰ সহায়ত কৰ্কট ৰোগ বিয়পি পৰিছে নে নাই আৰু ক'ত বিয়পি পৰিছে সেয়া নিৰ্ণয় কৰিব পাৰি।[1][2] লিম্ফ'মা প্ৰায়ে হাওঁফাওঁ, যকৃত আৰু মগজুলৈ বিয়পে।[1][2]
চিকিৎসাৰ ভিতৰত আছে কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, আৰু অস্ত্ৰোপচাৰ।[1][2] কিছুমান নন-হজকিন লিম্ফ'মাত লিম্ফ'মা কোষৰ দ্বাৰা উৎপন্ন হোৱা প্ৰটিনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেজ ইমানেই ডাঠ হৈ পৰে যে প্ৰটিনখিনি আঁতৰাবলৈ প্লাজমাফেৰেছিছ সম্পন্ন কৰা হয়।[2] আমেৰিকা যুক্তৰাষ্ট্ৰত সকলো হজকিন লিম্ফ'মাৰ উপপ্ৰকাৰৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৮৫%,[4] আনহাতে নন-হজকিন লিম্ফ'মাৰ ক্ষেত্ৰত এই হাৰ ৬৯%।[16] ২০১২ চনত গোটেই বিশ্বজুৰি ৫ লাখ ৬৬ হাজাৰ লোকৰ দেহত লিম্ফ'মা বিকশিত হৈছিল আৰু ৩ লাখ ৫ হাজাৰ লোকৰ মৃত্যু হৈছিল।[11] সকলো কৰ্কট ৰোগৰ ভিতৰত ৩–৪ শতাংশই লিম্ফ'মা।[11][17] উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহত লিম্ফ'মা বেছিকৈ হোৱা পৰিলক্ষিত হয়।[11]