লাইম
From Wikipedia, the free encyclopedia
লাইম (ইংৰাজী: Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়। লাইমৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে কাজি নেমু, গোল নেমু ইত্যাদি। আকৃতিলাইমৰ আকৃতি দীঘলীয়া। এই ফলত সাধাৰণতে বীজ নাথাকে। অপূৰঠ অৱস্থাত লাইমত ৰসৰ পৰিমাণ কম হয়। পূৰঠ হ'লে হালধীয়া বৰণ ধৰিবলৈ আৰম্ভ কৰে। এনে ফলৰ গছ চিৰসেউজীয়া, সৰু অথবা জোপোহা হয়। কৃষি পদ্ধতিলাইম অসমত সহজলভ্য আৰু কম যত্নতে ইয়াৰ খেতি কৰি লাভবান হ'ব পাৰি। ডাল পুতি থলেই তাৰপৰা গজালি ওলাই গছজোপা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। অৰ্থনৈতিক মূল্যগৰমৰ দিনত লাইমৰপৰা উৎকৃষ্ট চৰবত তৈয়াৰ কৰি খোৱা হয়। হোটেল,ৰেস্তোৰাঁত আহাৰৰ লগত এই লাইমৰ ব্যৱহাৰ অপৰিহাৰ্য্য। [1]"অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৬. ১৬ - ৩০ জুন ২০০৮.</ref> গেলাৰী
তথ্য সংগ্ৰহবাহ্যিক সংযোগ |