যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী
From Wikipedia, the free encyclopedia
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী (ইংৰাজী: Feminist views on the sex industry) বহু পৰিমাণে ভিন্ন হোৱা পৰিলক্ষিত হয়। এই দৃষ্টিভংগী প্ৰয়োগ কৰা নাৰীবাদৰ ধৰণটোৰ ওপৰত নিৰ্ভৰশীল। যৌন বজাৰক যোগান আৰু চাহিদাৰ ব্যৱস্থা হিচাপে সংজ্ঞায়িত কৰা হয়, যিটো ব্যৱস্থা 'যৌন কৰ্ম'ক পণ্য হিচাপে গ্ৰহণ কৰাৰ ফলত সৃষ্টি হৈছে।[1][2] যৌন বজাৰখনক প্ৰত্যক্ষ যৌন বজাৰ (যিটো মূলতঃ পতিতাবৃত্তিৰ ক্ষেত্ৰত প্ৰযোজ্য) আৰু পৰোক্ষ যৌন বজাৰ (যিটো লেপ ডান্সিঙৰ দৰে সেৱা আগবঢ়োৱা যৌন ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰযোজ্য) হিচাপে পৃথক কৰিব পাৰি। যৌন বজাৰৰ চূড়ান্ত উপাদান হৈছে পৰ্ণগ্ৰাফী উৎপাদন আৰু বিক্ৰী।[3] যৌন বজাৰত "স্বায়ত্ত্বশাসিত" আৰু "অস্বায়ত্ত্বশাসিত" যৌন ব্যৱসায় দুয়োটাৰে ক্ষেত্ৰত ব্যাপকতা প্ৰদান কৰা স্পষ্ট আৰু অন্তৰ্নিহিত নাৰীবাদী দৃষ্টিভংগীৰ বহুতো নথিভুক্ত দৃষ্টান্ত আছে।
পতিতাবৃত্তিৰ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীৰ বৈচিত্ৰ্য আছে। এই পদসমূহৰ বহুতকে শিথিলভাৱে এটা সামগ্ৰিক দৃষ্টিভংগীত সজাই ল'ব পাৰি, যি সাধাৰণতে পতিতাবৃত্তি আৰু যৌন কামৰ সমালোচনাত্মক বা সমৰ্থনকাৰী হিচাপে দৃষ্টিগোচৰ হয়।[4] পতিতাবৃত্তিক কেন্দ্ৰ কৰি হোৱা বক্তৃতা-ভাষ্য প্ৰায়ে যৌনকৰ্মীক মহিলা বুলি ধৰি লৈ আলোচনা কৰা হয়। কিন্তু যৌন কৰ্ম আৰু পতিতাবৃত্তিৰ ক্ষেত্ৰত থকাসকল সদায়েই মহিলা নহয়।
পতিতাবৃত্তি-বিৰোধী নাৰীবাদীসকলৰ মতে পতিতাবৃত্তি হৈছে নাৰীৰ শোষণ আৰু নাৰীৰ ওপৰত পুৰুষৰ আধিপত্যৰ এক প্ৰকাৰ, আৰু ই বৰ্তমানৰ পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফল। এইসকল নাৰীবাদীয়ে যুক্তি আগবঢ়ায় যে পতিতাবৃত্তিৰ ফলত পতিতা আৰু সামগ্ৰিকভাৱে সমাজৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। কিয়নো ই নাৰীৰ বিষয়ে কু-সংস্কাৰপূৰ্ণ দৃষ্টিভংগীক শক্তিশালী কৰে, যিসকলক পুৰুষে ব্যৱহাৰ আৰু নিৰ্যাতন চলাবলগীয়া যৌন বস্তু হিচাপে গণ্য কৰে।
পতিতাবৃত্তি সমৰ্থক নাৰীবাদীসকলৰ মতে পতিতাবৃত্তি আৰু অন্যান্য ধৰণৰ যৌন কৰ্মত জড়িত হোৱাটো মহিলা আৰু পুৰুষৰ বাবে বৈধ পছন্দ হ’ব পাৰে। এই দৃষ্টিভংগীত পতিতাবৃত্তিক বলপূৰ্বক পতিতাবৃত্তিৰ পৰা পৃথক কৰিব লাগিব আৰু নাৰীবাদীসকলে যৌন উদ্যোগ আৰু আইনী ব্যৱস্থা উভয়ৰে নিৰ্যাতনৰ বিৰুদ্ধে যৌনকৰ্মী সক্ৰিয়তাক সমৰ্থন কৰিব লাগিব।
উক্ত দুই নাৰীবাদী স্থিতিৰ মাজৰ মতানৈক্য বিতৰ্কিত বুলি প্ৰমাণিত হৈছে আৰু বিংশ শতিকাৰ শেষৰ ফালে নাৰীবাদী যৌন যুদ্ধ (যৌন বিষয়ক লৈ হোৱা তিক্ত বিতৰ্ক)ৰ সৈতে ইয়াক তুলনা কৰিব পাৰি।[5]