যোগিন্দৰ সিং
পৰম বীৰ চক্ৰ প্ৰাপক ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
চুবেদাৰ যোগিন্দৰ সিং চাহনান, পি.ভি.চি (ইংৰাজী: Joginder Singh;২৬ ছেপ্টেম্বৰ ১৯২১ – ২৩ অক্টোবৰ ১৯৬২), ভাৰতীয় সৈন্যবাহিনীৰ এজন সৈনিক আৰু মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক বীৰত্ব পুৰস্কাৰ পৰম বীৰ চক্ৰ প্ৰাপক। সিঙে ১৯৩৬ চনত ব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰিছিল আৰু শিখ ৰেজিমেণ্টৰ প্ৰথম বেটেলিয়নত সেৱা আগবঢ়াইছিল। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত তেওঁ উত্তৰ-পূব সীমান্ত সংস্থাৰ (নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি) বুম লা পাছত এটা প্লেটুনৰ নেতৃত্বত আছিল। যদিও সংখ্যাত তাকৰ আছিল, তেওঁ সাহসেৰে চীনা আক্ৰমণৰ বিৰুদ্ধে তেওঁৰ সৈন্যসকলক নেতৃত্ব দিছিল আৰু আঘাতপ্ৰাপ্ত আৰু বন্দী নোহোৱালৈকে তেওঁৰ পোষ্টটোৰ প্ৰতিৰক্ষা কৰিছিল। চীনৰ জিম্মাত থাকোতে আঘাতৰ ফলত সিঙৰ মৃত্যু হৈছিল।[2] তেওঁ এককভাৱে ৫০ জনতকৈও অধিক চীনা সৈন্যক হত্যা কৰি ভাৰতীয় সৈন্য বাহিনীৰ এজন যুদ্ধ নায়কলৈ পৰিণত হৈছিল।[3]
চুবেদাৰ যোগিন্দৰ সিং চাহনান পৰম বীৰ চক্ৰ | |
---|---|
জন্ম | ২৬ ছেপ্টেম্বৰ, ১৯২১ Mahla Kalan, মগা জিলা, পঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৩ অক্টোবৰ, ১৯৬২ (৪১ বছৰ) বুমলা পাচ, নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি, ভাৰত |
আনুগত্য | ব্ৰিটিছ ভাৰত ভাৰত |
চাকৰি/শাখা | ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনী ভাৰতীয় সৈন্য বাহিনী |
চাকৰিৰ কাৰ্যকাল | ১৯৩৬-১৯৬২ |
পদমৰ্যদা | চুবেদাৰ |
চাৰ্ভিছ নাম্বাৰ | JC-4547[1] |
ইউনিট | প্ৰথম বেটেলিয়ন, শিখ ৰেজিমেণ্ট |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্ব যুদ্ধ ১৯৪৭ চনৰ ভাৰত-পাক যুদ্ধ ভাৰত-চীন যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |