যুগ্ম সংখ্যা
From Wikipedia, the free encyclopedia
যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি।[1] বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২। ০(শূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।[2]
আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান পূৰ্ণ সংখ্যা, য'ত k হৈছে এটা পূৰ্ণ সংখ্যা।[3] ইয়াত, n = 2k+1 হৈছে এটা অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-[4]
- যুগ্ম
- অযুগ্ম