মৌখিক পৰম্পৰা
বাক্য বা গীতৰ যোগেদি সংৰক্ষিত আৰু সঞ্চাৰিত সংস্কৃতি / From Wikipedia, the free encyclopedia
মৌখিক পৰম্পৰা হৈছে মানৱ সমাজৰ এক প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা যাৰ মাধ্যমেদি জ্ঞান, শিল্প, ধাৰণা আৰু সাংস্কৃতিক উপাদান মৌখিকভাৱে গ্ৰহণ, সংৰক্ষণ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিবাহিত হৈ আহিছে।[1][2][3] এই পৰিবহন লোককথা, বেলাড, সাধু, গদ্য বা কবিতা আদি বাক্য বা গীতৰ জৰিয়তে সম্পন্ন হয়। এনেদৰে এখন সমাজে লিখিত ব্যৱস্থাৰ অবিহনে, অথবা লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে মৌখিক ইতিহাস, মৌখিক সাহিত্য, মৌখিক আইন আৰু অন্যান্য জ্ঞান প্ৰেৰণ কৰে। উদাহৰণস্বৰূপে বৌদ্ধ, হিন্দু, কেথলিক[4], আৰু জৈন আদি ধৰ্মসমূহে নিজৰ নীতিগত শাস্ত্ৰ, আচাৰ-ব্যৱহাৰ, গীত আৰু পৌৰাণিক কাহিনীসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰিবলৈ লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে মৌখিক পৰম্পৰাও ব্যৱহাৰ কৰি আহিছে।[5][6][7]
মৌখিক পৰম্পৰা হৈছে কোনো এক সামাজিক গোটৰ, বহু প্ৰজন্মৰ পৰা সাধাৰণভাৱে সংগঠিত তথ্য, স্মৃতি আৰু জ্ঞানৰ সমাসাৰ; ই সাক্ষ্য বা মৌখিক ইতিহাসৰ সৈতে একে নহয়।[1][8] সাধাৰণ অৰ্থত “মৌখিক পৰম্পৰা” বুলিলে কণ্ঠ উচ্চাৰণৰ জৰিয়তে এটা নিৰ্দিষ্ট, সংৰক্ষিত পাঠ্য আৰু সাংস্কৃতিক জ্ঞানৰ স্মৃতি আৰু ইয়াৰ পৰিবহনক বুজোৱা হয়।[2][9] শৈক্ষিক শাখা হিচাপে মৌখিক পৰম্পৰা বুলিলে অধ্যয়নৰ বিষয়বস্তু আৰু সেয়া অধ্যয়ন কৰা পদ্ধতি দুয়োটাকে বুজায়।[10]
মৌখিক পৰম্পৰা অধ্যয়ন শাখা আৰু মৌখিক ইতিহাস অধ্যয়ন শাখাৰ একে নহয়[8], মৌখিক ইতিহাস হৈছে ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন।[11] মৌখিক পৰম্পৰা মৌখিকতাৰ অধ্যয়নৰ পৰাও পৃথক, মৌখিকতা বুলিলে চিন্তা আৰু ইয়াৰ মৌখিক প্ৰকাশক বুজায় য'ত সাক্ষৰতাৰ প্ৰযুক্তি (বিশেষকৈ লিখা আৰু ছপা) জনসংখ্যাৰ অধিকাংশৰে বাবে অচিনাকি।[12] লোককথা এক প্ৰকাৰৰ মৌখিক পৰম্পৰা, কিন্তু জ্ঞান লোককথাৰ বাহিৰেও অন্য প্ৰকাৰেও মৌখিকভাৱে সঞ্চাৰিত হৈছে আৰু মানৱ ইতিহাসত সংৰক্ষিত হৈ আছে।[13][14]