মৈথিলীচৰণ গুপ্ত
ভাৰতীয় কবি / From Wikipedia, the free encyclopedia
মৈথিলীচৰণ গুপ্ত (৩ আগষ্ট, ১৮৮৬ – ১২ ডিচেম্বৰ, ১৯৬৪) আছিল প্ৰসিদ্ধ আধুনিক হিন্দী কবি সকলৰ ভিতৰত অন্যতম।[1] খড়িবোলী কাব্যৰ বাটকটীয়াসকলৰ ভিতৰত মৈথিলীচৰণ গুপ্তৰ নাম উল্লেখযোগ্য। যি সময়ছোৱাত প্ৰায়ভাগ হিন্দী কবিয়ে ব্ৰজ উপভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল, সেই সময়ছোৱাত মৈথিলীচৰণ গুপ্তই খড়িবোলী উপভাষাক নিজৰ ৰচনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।[2] হিন্দী কবিতাৰ ইতিহাসত মৈথিলীচৰণ গুপ্তৰ যোগদান সকলোতকৈ উচ্চ। পৱিত্ৰতা, নৈতিকতা আৰু পৰম্পৰাগত মানৱীয় সম্বন্ধ ৰক্ষা তেওঁৰ ৰচনাৰ প্ৰথম গুণ যি ‘পঞ্চৱতী’ৰ পৰা ‘জয়দ্ৰথ বধ’, ‘যশোধৰা’ আৰু ‘সাকেত’লৈ প্ৰতিষ্ঠিত তথা প্ৰতিফলিত হৈছে। ‘সাকেত’ হ’ল তেওঁৰ সৰ্বোত্তম সৃষ্টি। ৰাষ্ট্ৰকবি মৈথিলীচৰণ গুপ্তৰ জন্মজয়ন্তী প্ৰত্যেক বছৰৰ ৩ আগষ্টত গোটেই ৰাজ্যত ‘কবি দিৱস’ হিচাপে পালন কৰা হয়। ১৯৫৪ চনত ভাৰত চৰকাৰে মৈথিলী চৰণ গুপ্তক পদ্মভূষণেৰে সন্মানিত কৰে।[3]
মৈথিলীচৰণ গুপ্ত | |
---|---|
জন্ম | লালা মদন মোহন জু ৩ আগষ্ট, ১৮৮৬ চিৰগাঁও, ঝাঞ্চী, উত্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১২ ডিচেম্বৰ, ১৯৬৪ (৭৮ বছৰ) |
পেচা | কবি, ৰাজনীতিবিদ, নাট্যকাৰ, অনুবাদক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | প্ৰাথমিক: চিৰগাঁও, মাধ্যমিক: মেকড'নাল হাইস্কুল, ঝাঞ্চী |
উল্লেখনীয় কৰ্মৰাজি | পঞ্চৱতী, সিদ্ধৰাজ, সাকেত, যশোধৰা ইত্যাদি |
উল্লেখযোগ্য বঁটা | পদ্মভূষণ (১৯৫৪) |