মেঘনাদ সাহা
From Wikipedia, the free encyclopedia
মেঘনাদ সাহা (৬ অক্টোবৰ ১৮৯৩–১৬ ফেব্ৰুৱাৰি ১৯৫৬) এজন ভাৰতীয় জ্যোতিপদাৰ্থবিজ্ঞানী।[1][2] মেঘনাদ সাহাৰ জীৱনৰ অনন্য কৃতি হৈছে সাহা আয়নীকৰণ সমীকৰণ যিটো সূত্ৰৰ দ্বাৰা নক্ষত্ৰৰ ৰাসায়নিক আৰু ভৌতিক অৱস্থা ব্যাখ্যা কৰিব পাৰি। এইটো সূত্ৰৰ জ্যোতিপদাৰ্থবিজ্ঞানত উল্লেখনীয় গুৰুত্ব আছে।[3] তাপগতিবিজ্ঞান আৰু পৰমাণুতত্ত্বৰ সহায় লৈ তেওঁ সূৰ্য আৰু অন্যান্য জ্যোতিষ্কবিলাকৰ উষ্ণতা, আয়নীকৰণ আদিৰ সম্পৰ্ক গাণিতিকভাৱে উপস্থাপন কৰিছিল।[4] নক্ষত্ৰৰ বৰ্ণালী আৰু উষ্ণতাৰ মাজত সম্পৰ্ক স্থাপন কৰা মেঘনাদ সাহাই হৈছে প্ৰথমজন বিজ্ঞানী। ৰাজনৈতিকভাৱে সক্ৰিয় মেঘনাদ সাহাক ১৯৫২ চনত ভাৰতীয় সংসদলৈ নিৰ্বাচিত কৰা হয়।[5]
ক্ষিপ্ৰ তথ্য মেঘনাদ সাহা, জন্ম ...
মেঘনাদ সাহা | |
---|---|
মেঘনাদ সাহা | |
জন্ম | ৬ অক্টোবৰ,১৮৯৩ সাউৰাতলি, ঢাকা, বংগ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমানৰ বাংলাদেশ) |
মৃত্যু | ১৬ ফেব্ৰুৱাৰি,১৯৫৬ নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ঢাকা কলেজ কলকাতা বিশ্ববিদ্যালয় |
জনা যায় | তাপীয় আয়নীকৰণ সাহা আয়নীকৰণ সমীকৰণ |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | এলাহাবাদ বিশ্ববিদ্যালয় কলকাতা বিশ্ববিদ্যালয় লণ্ডনৰ ইম্পিৰিয়েল কলেজ বিজ্ঞান-চৰ্চাৰ অৰ্থে ভাৰতীয় সংঘ(Indian Association for the Cultivation of Science) |
শৈক্ষিক পৰামৰ্শদাতা | জগদীশ চন্দ্ৰ বসু প্ৰফুল্ল চন্দ্ৰ ৰায় |
ডক্তৰেল বিদ্যাৰ্থী | দৌলত সিং কোঠাৰী |
স্বাক্ষৰ |
বন্ধ কৰক