মেক্স প্লেংক
From Wikipedia, the free encyclopedia
মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক (ইংৰাজী: Max Karl Ernst Ludwig Planck;[1] এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য মেক্স প্লেংক, জন্ম ...
মেক্স প্লেংক | |
---|---|
১৯৩৩ চনত মেক্স প্লেংক | |
জন্ম | মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক ২৩ এপ্ৰিল, ১৮৫৮ কিয়েল, হ'লষ্টেইন |
মৃত্যু | ৪ অক্টোবৰ, ১৯৪৭ (৮৯ বছৰ) গটিনজেন, নামনি ছেক্স'নি, জাৰ্মানী |
জাতীয়তা | জাৰ্মান |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | কিয়েল বিশ্ববিদ্যালয় বাৰ্লিন বিশ্ববিদ্যালয় গটিনজেন বিশ্ববিদ্যালয় কেইজাৰ-ৱিলহেল্ম-গেছেলখাফট্ |
শিক্ষানুষ্ঠান | লুডৱিগ মেক্সমিলান বিশ্ববিদ্যালয়, মিউনিখ |
ডক্তৰেল পৰামৰ্শদাতা | আলেকজেণ্ডাৰ ভন ব্ৰিল |
ডক্তৰেল বিদ্যাৰ্থী | গুস্তভ লুডৱিগ হাৰ্টজ এৰিক ক্ৰেটছমেন ৱাল্টাৰ মীজনাৰ ৱাল্টাৰ শ্বটকি মেক্স ভন লাউ মেক্স আব্ৰাহম মৰিটজ শ্লিক ৱাল্টাৰ বথে জুলিয়াছ এডগাৰ লিলিয়েনফেড |
আন উল্লেখযোগ্য বিদ্যাৰ্থী | লাইজ মীটনাৰ |
জনা যায় | প্লেংকৰ ধ্ৰুৱক প্লেংকৰ অভিধাৰণা কৃষ্ণকায় বিকিৰণৰ প্লেংক তত্ত্ব |
উল্লেখনীয় বঁটা | পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা (১৯১৮) গ্যেটে বঁটা (১৯৪৫) |
দাম্পত্যসঙ্গী | মেৰী মেৰ্ক (১৮৮৭–১৯০৯) মাৰ্গা ভন হ'ছলিন (১৯১১-১৯৪৭) |
স্বাক্ষৰ |
বন্ধ কৰক
তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্লেংকে কেইবাটাও উল্লেখনীয় বৰঙনি আগবঢ়াইছিল। কিন্তু তেওঁৰ যশস্যা মূলতঃ কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে সুখ্যাত। যিদৰে আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই স্থান আৰু কালৰ ব্যাখ্যাৰ ক্ষেত্ৰলৈ জোৱাৰ আনিছিল, সেইদৰেই প্লেংকৰ কোৱাণ্টাম তত্ত্বই পাৰমাণৱিক আৰু অৱ-পাৰমানৱিক (subatomic) প্ৰক্ৰিয়াসমূহৰ ব্যাখ্যাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আছিল। এই দুয়োটা তত্ত্বই বিংশ শতিকাৰ পদাৰ্থবিজ্ঞানৰ মৌলিক তত্ত্ব হিচাপে চিহ্নিত।