মৃণাল সেন
From Wikipedia, the free encyclopedia
মৃণাল সেন (ইংৰাজী: Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।[1] সেনে মূলতঃ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। সমসাময়িক ঋত্বিক ঘটক, তপন সিনহা আৰু সত্যজিৎ ৰায়ৰ সৈতে তেওঁ ভাৰতত নিউ ৱেভ চিনেমাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ ১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছে। ফ্ৰান্স চৰকাৰে তেওঁক Ordre des Arts et des Lettres প্ৰদান কৰাৰ বিপৰীতে ৰাছিয়া চৰকাৰে তেওঁক অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ প্ৰদান কৰিছে। সেনক দাদা চাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয়। সত্যজিৎ ৰায়ৰ সৈতে তেওঁ একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাৰ ছবিসমূহ তিনিটা প্ৰভাৱশালী চলচ্চিত্ৰ মহোৎসৱ যেনে কান চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। সেনে নিজকে "ব্যক্তিগত মাৰ্ক্সবাদী" বুলি কৈছিল।[2][3][4]
মৃণাল সেন | |
---|---|
জন্ম | ১৪ মে', ১৯২৩ ফৰিদপুৰ, বেংগল প্ৰেছিডেঞ্চি, ব্ৰিটিছ ভাৰত (এতিয়া বাংলাদেশত) |
মৃত্যু | ৩০ ডিচেম্বৰ, ২০১৮ (৯৫ বছৰ)[1] কলকাতা, পশ্চিম বংগ, ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৫৫–২০০০ |
দাম্পত্যসঙ্গী | গীতা সেন (বি. ১৯৫২; her death ২০১৭) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (১৯৮৩) Ordre des Arts et des Lettres (1985) অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (২০০০) দাদা চাহেব ফাল্কে বঁটা (২০০৩) |
ৰাজ্যসভা (মনোনীত) | |
কাৰ্যকাল ২৭ আগষ্ট ১৯৯৭ – ২৬ আগষ্ট ২০০৩ |