মাৰ্ক টোৱেইন
From Wikipedia, the free encyclopedia
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০)[1] বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্ভেন্সাৰ্ছ অৱ হাকল্বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।[2] ইয়াৰে পিছৰখনক "মহান আমেৰিকান উপন্যাস" বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে। এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।[3]
মাৰ্ক টোৱেইন | |
---|---|
জন্ম | ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ৩০ নৱেম্বৰ, ১৮৩৫ ফ্ল'ৰিডা, মিচৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২১ এপ্ৰিল, ১৯১০ (৭৪ বছৰ) ৰিডিং, কনেক্টিকাট, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ছদ্মনাম | মাৰ্ক টোৱেইন |
পেচা | লেখক, বক্তা |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
ধৰণ | কাল্পনিক, কাল্পনিক ইতিহাস, শিশু সাহিত্য, ভ্ৰমণ সাহিত্য, ব্যঙ্গ, ৰচনা, দাৰ্শনিক সাহিত্য, সামাজিক ধাৰাভাষ্য, সাহিত্যিক সমালোচনা |
উল্লেখনীয় কৰ্মৰাজি | এড্ভেন্সাৰ্ছ অৱ হাকল্বেৰী ফিন, দা এড্ভেন্সাৰ্ছ অৱ টম ছয়াৰ |
দাম্পত্যসংগী | Olivia Langdon Clemens (বি. ১৮৭০–১৯০৪) |
সন্তান | লেংডন, চুজি, ক্লাৰা, জিন |
স্বাক্ষৰ |
হেলীৰ ধুমকেতুৱে দেখা দিয়াৰ সময়ত মাৰ্ক টোৱেইনৰ জন্ম হৈছিল। তেখেতে ভৱিষ্যতবাণী কৰিছিল যে তেখেতৰ মৃত্যুও তাৰ লগতে হ'ব। সঁচাকৈ হেলীৰ ধুমকেতুৱে পিছৰবাৰ দেখা দিয়াৰ এদিন পিছতে টোৱেইনৰ মৃত্যু ঘটে। টোৱেইনক সেই সময়ৰ "মহানতম আমেৰিকান হাস্যৰসিক" বুলি অভিহিত কৰা হৈছিল[4] আৰু ৱিলিয়াম ফক্নাৰে তেখেতক "আমেৰিকান সাহিত্যৰ জনক" বুলি সন্মান প্ৰদান কৰিছিল।[5]