মায়া সভ্যতা
From Wikipedia, the free encyclopedia
মায়া সভ্যতা (ইংৰাজী: Maya civilization) মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত। মায়া সভ্যতা বৰ্তমানৰ দক্ষিণ-পূব মেক্সিকো, সমগ্ৰ গুৱাটেমালা তথা বেলিজ, হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম প্ৰান্তত বিকশিত হৈছিল। য়ুকাটান উপদ্বীপৰ উত্তৰ নিম্নভূমি আৰু চিয়েৰা মাদ্ৰেৰ উচ্চভূমি, মেক্সিকান ৰাজ্য চিয়াপাচ, দক্ষিণ গুৱাটেমালা, এল চালভাডৰ আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলীয় সমভূমিৰ দক্ষিণ নিম্নভূমিও এই সভ্যতাৰ অন্তৰ্ভুক্ত আছিল। মায়া হৈছে এক আধুনিক শব্দ আৰু এই শব্দটো এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকক সামূহিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সভ্যতাৰ আবাসীসকলে নিজকে "মায়া" বুলি পৰিচয় দিয়া নাছিল আৰু ই তেওঁলোকৰ সাধাৰণ বা ৰাজনৈতিক ঐক্যৰো পৰিচয় নাছিল।[1] বৰ্তমান সময়ত তেওঁলোকৰ উত্তৰ পুৰুষসকলক সামূহিকভাৱে মায়া বুলি জনা যায় আৰু তেওঁলোকৰ সংখ্যা ৬০ লাখতকৈও অধিক। তেওঁলোকে বৰ্তমান বৰ্তি থকা ২৮টাতকৈও অধিক মায়া ভাষা কয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে প্ৰায় একে ঠাইতে বাস কৰে।[2]
২০০০ খ্ৰীষ্টপূৰ্বৰ আগতে আদিম যুগৰ কৃষি আৰু প্ৰাচীনতম গাওঁসমূহৰ প্ৰথম বিকাশ দেখা গৈছিল। প্ৰাক-ধ্ৰুপদী কালত (খ্ৰীষ্টপূৰ্ব ২০০০ ৰ পৰা ২৫০ খ্ৰীষ্টাব্দ) মায়া অঞ্চলত জটিল সমাজসমূহৰ প্ৰথম সূচনা হৈছিল। ইয়াৰ লগতে এই কালছোৱাত মাকৈ, বীন, স্কোৱাছ আৰু জলকীয়া আদি মায়া খাদ্যাভ্যাসৰ মুখ্য শস্যসমূহৰ খেতি কৰা হৈছিল। প্ৰাথমিক মায়া চহৰসমূহ প্ৰায় ৭৫০ খ্ৰীষ্টপূৰ্বৰ আশে-পাশে বিকশিত হৈছিল আৰু ৫০০ খ্ৰীষ্টপূৰ্বলৈ এই চহৰসমূহত বৃহৎ মন্দিৰকে আদি কৰি স্মাৰক স্থাপত্যসমূহৰ স্থাপন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ ভিতৰত মায়া অঞ্চলত চিত্ৰলিপি বা হাইৰোগ্লিফিক লিখনি ব্যৱহাৰ কৰা হৈছিল। প্ৰাক-ধ্ৰুপদী কালৰ শেহৰ সময়ছোৱাত পেটেন অৱবাহিকাত বিকশিত হোৱা কেইবাখনো বৃহৎ চহৰ আৰু গুৱাটেমালাৰ উচ্চভূমিত কামিনালজুয়ু চহৰৰ গুৰুত্ব বৃদ্ধি পাইছিল। প্ৰায় ২৫০ খৃষ্টাব্দৰ পৰা আৰম্ভ হোৱা ধ্ৰুপদী কালত মায়াসকলে দীঘলীয়া তাৰিখৰ সৈতে ভাস্কৰ্য সম্বলিত স্মাৰক নিৰ্মাণ কৰিছিল। এই সময়ছোৱাত মায়া সভ্যতাই বাণিজ্যৰ এক জটিল আন্তঃজালৰ দ্বাৰা সংযুক্ত হৈ থকা বহুতো নগৰ-ৰাজ্য বিকশিত কৰা দেখা গৈছিল। মায়া নিম্নভূমিত দুই প্ৰতিদ্বন্দ্বী নগৰ টিকাল আৰু কালাকমুল শক্তিশালী হৈ উঠিছিল। ধ্ৰুপদী কালত মায়া ৰাজবংশীয় ৰাজনীতিত কেন্দ্ৰীয় মেক্সিকান নগৰ টিওটিহুয়াকানৰ হস্তক্ষেপো দেখা গৈছিল। নৱম শতিকাত কেন্দ্ৰীয় মায়া অঞ্চলত ব্যাপক ৰাজনৈতিক পট পৰিৱৰ্তন ঘটে আৰু ইয়াৰ ফলত অন্তৱৰ্তী যুদ্ধ, নগৰ পৰিত্যাগ আৰু উত্তৰদিশলৈ জনগণৰ প্ৰব্ৰজন হয়। উত্তৰ-ধ্ৰুপদী যুগত চিচেন ইটজাৰ নগৰৰ উত্থান হয় আৰু গুৱাটেমালাৰ উচ্চভূমিত আগ্ৰাসী কিচ্ছে ৰাজ্যৰ সম্প্ৰসাৰণ ঘটে। ষোড়শ শতিকাত স্পেনিছ সাম্ৰাজ্যই মেছো-আমেৰিকান অঞ্চলত উপনিবেশ স্থাপন কৰে আৰু এক দীৰ্ঘকালীন অভিযানৰ ফলত ১৬৯৭ চনত অন্তিমখন মায়া চহৰ নোজপেটেনৰ পতন ঘটে।
ধ্ৰুপদী কালত ঐশ্বৰিক ৰজাৰ ধাৰণাটোক কেন্দ্ৰ কৰি শাসনকাৰ্য চলিছিল। ৰজাক নশ্বৰ জগত আৰু দেৱলোকৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰা বুলি ভবা হৈছিল। ৰজাজন আছিল পিতৃ-বংশানুক্ৰমিক আৰু সাধাৰণতে জ্যেষ্ঠ পুত্ৰকে ক্ষমতা প্ৰদান কৰা হৈছিল। এজন সম্ভাৱ্য ৰজা সফল যুদ্ধ নেতাৰ লগতে এজন শাসক হ'ব বুলি আশা কৰা হৈছিল। মায়াৰ ৰাজনীতিত কেন্দ্ৰীভূত ক্ষমতা প্ৰণালীয়েই আছিল প্ৰভাৱশালী শক্তি। অৱশ্যে ই কেনেকৈ এখন ৰাজ্যৰ ৰাজনৈতিক গঠনক প্ৰভাৱিত কৰিছিল সেয়া ৰাজ্যভেদে ভিন্ন আছিল। ধ্ৰুপদী কালৰ শেষৰ ফালে অভিজাত শ্ৰেণীৰ আকাৰ বৃদ্ধি পাবলৈ লয় আৰু ইয়াৰ ফলত পূৰ্বতে থকা ৰজাৰ একচেটিয়া শক্তি হ্ৰাস পায়। মায়াসকলে কাঠ, জেড (একপ্ৰকাৰ মাৰ্বল), অবচিডিয়ান (আগ্নেয়শিলা), চিৰামিক, মূৰ্তিযুক্ত শিলৰ কীৰ্তিচিহ্ন, ষ্টাকো আৰু সূক্ষ্ম দেৱাল অংকনকে ধৰি পচনশীল আৰু অপচনশীল দুয়োবিধ সামগ্ৰী ব্যৱহাৰ কৰি অত্যাধুনিক কলাৰ ধৰণসমূহ বিকশিত কৰিছিল।
মায়া নগৰসমূহৰ জৈৱিকভাৱে সম্প্ৰসাৰিত হোৱাৰ প্ৰৱণতা আছিল। নগৰকেন্দ্ৰসমূহত আনুষ্ঠানিক আৰু প্ৰশাসনিক ভৱন আছিল। ইয়াৰ চাৰিওফালে অনিয়মীয়া আকৃতিত আৱাসিক জিলাসমূহে বিস্তাৰ লাভ কৰিছিল। এখন চহৰৰ বিভিন্ন অংশ সততে মথাউৰিসদৃশ ওখ পথেৰে সংযুক্ত আছিল। স্থাপত্যৰ দিশৰ পৰা চহৰৰ অট্টালিকাবোৰত প্ৰাসাদ, পিৰামিড-মন্দিৰ, আনুষ্ঠানিক ক্ৰীড়াস্থলী আৰু জ্যোতিৰ্বৈজ্ঞানিক পৰ্যৱেক্ষণৰ বাবে বিশেষভাৱে সংৰেখিত গাঁথনি অন্তৰ্ভুক্ত আছিল। মায়া অভিজাত লোকসকল সাক্ষৰ আছিল আৰু তেওঁলোকে চিত্ৰলিপি বা হাইৰোগ্লিফিক লিখনিৰ এক জটিল প্ৰণালী বিকশিত কৰিছিল। প্ৰাক-কলম্বিয়ান আমেৰিকাত আটাইতকৈ উন্নত লিখন প্ৰণালী তেওঁলোকৰেই আছিল। মায়াসকলে তেওঁলোকৰ ইতিহাস আৰু ৰীতি-নীতিৰ জ্ঞান লিপিবদ্ধ কৰিছিল। ইয়াৰে মাত্ৰ তিনিটাহে উদাহৰণ অক্ষত ৰূপত বাকী আছে। বাকীবোৰ স্পেনিছসকলে ধ্বংস কৰে। ইয়াৰ উপৰিও, ষ্টেলি আৰু চিৰামিকত মায়া লেখনিৰ বহুতো উদাহৰণ পোৱা যায়। মায়াই দিনপঞ্জীৰ এক অতি জটিল শৃংখলা বিকশিত কৰিছিল। তেওঁলোকে মানৱ ইতিহাসত শূন্যৰ এক স্পষ্ট আৰু এক প্ৰাচীনতম জ্ঞাত উদাহৰণ অন্তৰ্ভুক্ত থকা গণিত ব্যৱহাৰ কৰিছিল। নৰবলি তেওঁলোকৰ ধৰ্মৰ ভিতৰুৱা প্ৰথা আছিল।