মাঘে সংক্ৰান্তি
From Wikipedia, the free encyclopedia
মাঘে সংক্ৰান্তি বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ।[1] থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।[2] মাঘে সংক্ৰান্তি উৎসৱৰ সৈতে অন্যান্য সৌৰ কেলেণ্ডাৰৰ ধৰ্মীয় পৰম্পৰাৰ লগত মিল আছে।[3]
মাঘে সংক্ৰান্তি | |
---|---|
মাঘে সংক্ৰান্তিৰ বাস্কেট নৃত্য | |
পালন কৰে | পৰম্পৰাগতভাবে নেপালী হিন্দু, আজিকালি বৌদ্ধ কিৰাতীসকল৷ |
প্ৰকাৰ | ধৰ্মীয়, সাংস্কৃতিক |
মহত্ব | শীতৰ অন্তত |
তাৰিখ | সাধাৰণতে ১৪ জানুৱাৰী |
উদযাপন | ভোজৰ সামগ্ৰী সংগ্ৰহ |
সম্পৰ্কিত | মকৰ সংক্ৰান্তি |
সংঘটন | বছৰেকীয়া |
এই উৎসৱ পালন কৰা হিন্দুসকলে লোকাচাৰমতে স্নান কৰে। ইয়াৰ ভিতৰত জনকপুৰধাম, পাটনৰ সমীপৰ বাগমতীত থকা শংমামুল; গণ্ডক/নাৰায়ণী নদীৰ অৱবাহিকাৰ ত্ৰিবেণী সংগম, চিতৱান উপত্যকাৰ ওচৰৰ দেৱঘাট আৰু কালিগণ্ডকী নদীৰ ৰিডিত[4] ; আৰু সূৰ্য্য কোশীৰ কোশী নদীৰ অৱবাহিকা দোলালঘাটত। উৎসৱত পৰম্পৰাগত খাদ্য, যেনে লাড়ু, ঘিউ, মিঠা আলু বিতৰণ কৰা হয়। ভাগিন আৰু ভতিজাসকলে সাধাৰণতে মামা-খুড়াৰ ঘৰলৈ গৈ তিলক আৰু আশীৰ্বাদ আৰু উপহাৰ লৈ আহে।