মাইকেল মধুসূদন দত্ত
বাঙালী কবি আৰু নাট্যকাৰ / From Wikipedia, the free encyclopedia
মাইকেল মধুসূদন দত্ত (২৫ জানুৱাৰী ১৮২৪ – ২৯ জুন ১৮৭৩) ১৯ শতিকাৰ অন্যতম শ্ৰেষ্ঠ বঙালী কবি, নাট্যকাৰ আৰু প্ৰহসন লেখক। তেওঁক বাংলা নৱজাগৰণৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। পৰম্পৰাক অৱজ্ঞা কৰি নতুনত্বৰ প্ৰৱৰ্তনৰ বাবে তেওঁক আধুনিক বাংলা সাহিত্যৰ প্ৰথম বিদ্ৰোহী কবি বুলিও অভিহিত কৰা হয়।[1] ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) জেছৌৰ জিলাৰ এটা সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰিলেও মধুসূদনে যৌৱনত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি মাইকেল মধুসূদন নাম গ্ৰহণ কৰি পশ্চিমীয়া সাহিত্যৰ আকৰ্ষণৰ বাবে ইংৰাজী ভাষাত সাহিত্য লিখাত মনোনিৱেশ কৰে।[2] জীৱনৰ দ্বিতীয় পৰ্যায়ত মধুসূদনে নিজৰ মাতৃভাষাৰ প্ৰতি মনোযোগ দিছিল। এই সময়ছোৱাত তেওঁ বাংলা ভাষাত নাট, প্ৰহসন আৰু কবিতা ৰচনা কৰিছিল। মাইকেল মধুসূদন দত্তই বাংলা ভাষাত প্ৰথম ছনেট আৰু অমিত্ৰাক্ষৰ ছন্দৰ সৃষ্টি কৰিছিল। তেওঁৰ সৰ্বশ্ৰেষ্ঠ সাফল্য হৈছে অমিত্ৰাক্ষৰ ছন্দত ৰামায়ণ মহাকাব্যৰ আধাৰত ‘মেঘনাদ বধ’ কাব্য নামৰ মহাকাব্য। মধুসূদনৰ ব্যক্তিগত জীৱন আছিল নাটকীয় আৰু বেদনাদায়ক। এই মহাকবি গৰাকীয়ে ৪৯ বছৰ বয়সত কলিকতাত এক দুখজনক অৱস্থাত মৃত্যুবৰণ কৰে। [3]
মাইকেল মধুসূদন দত্ত | |
---|---|
মাইকেল মধুসূদন দত্ত | |
জন্ম | ২৫, ১, ১৮২৪ বাংলাদেশৰ জেছৌৰ |
মৃত্যু | ২৯, ০৬, ১৮৭৩ কলিকতা, বেংগল ৰেচিডেন্সি |
পেচা | লেখক, কবি, নাট্যকাৰ |
দাম্পত্যসংগী | ৰেবেকা মেকটিভিছ |
সন্তান | ৪ |