মহিলাৰ বিৰুদ্ধে হিংসা
From Wikipedia, the free encyclopedia
মহিলাৰ বিৰুদ্ধে হিংসা (ইংৰাজী: Violence against women), যাক লিংগ-আধাৰিত হিংসা[1] আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়।[2] ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।[3] মহিলাৰ বিৰুদ্ধে হিংসাৰ এক দীঘলীয়া ইতিহাস আছে, যদিও সময়ৰ লগে লগে এনে ধৰণৰ হিংসাৰ ঘটনা আৰু তীব্ৰতা সলনি হৈছে আৰু আজিও সমাজভেদে পৃথক হিংসাকাৰ্য্য দেখা যায়। এনে ধৰণৰ হিংসা সাধাৰণতে সমাজত হওঁক বা পাৰস্পৰিক সম্পৰ্কত হওঁক প্ৰায়ে মহিলাৰ বশ্যতাৰ এক প্ৰণালী হয়। এনে ধৰণৰ হিংসা অপৰাধীৰ হিংসাত্মক প্ৰকৃতিৰ ফলত, শ্ৰেষ্ঠতা দেখুওৱাৰ অভিপ্ৰায়, বিদ্বেষ বা একে ধৰণৰ মনোভাৱৰ পৰা উদ্ভৱ হ'ব পাৰে আৰু বিশেষকৈ মহিলাৰ বিৰুদ্ধে হয়।