ভূপেন হাজৰিকাৰ সাহিত্য
From Wikipedia, the free encyclopedia
ব্যক্তিগত প্ৰতিভাৰে বিশ্ববিয়পা খ্যাতি লাভ কৰা বিশাল ব্যক্তিত্বৰ সংগীতৰ মহাসাধক ভূপেন হাজৰিকা জনপ্ৰিয়তাৰ শীৰ্ষ স্তৰত উপনীত হৈ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ-বণিতাৰ মৰম, দয়া আৰু কৰুণা আদায় কৰিবলৈ সক্ষম হৈছিল। ব্যক্তিগত জীৱনৰ বহুতো তিতা-টেঙা অভিজ্ঞতাৰে মানুহৰ মনৰ গভীৰত প্ৰৱেশ কৰিবলৈ এইগৰাকী চিন্তানায়ক সক্ষম হৈছিল। অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত লিখি যোৱা চিন্তা উদ্ৰককাৰী প্ৰবন্ধ, কবিতা, গীত কবিতা আদিয়ে তেওঁৰ চিন্তাৰ সূক্ষ্মতা, বিচিত্ৰতা আৰু বিক্ষিপ্ততাৰ আভাস দাঙি ধৰে। অসমীয়া ভাষা-সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশলৈ তেওঁৰ বৰঙণি অনন্য।[1]