ভূটানৰ পৰিৱেশ সমস্যা
পৰিৱেশ সম্পৰ্কীয় সমস্যা / From Wikipedia, the free encyclopedia
ভূটানৰ পৰিৱেশ সমস্যা (ইংৰাজী: Environmental issues in Bhutan) ভূটানৰ আটাইতকৈ জৰুৰী বিষয়সমূহৰ ভিতৰত পৰে৷ পৰম্পৰাগত খৰি সংগ্ৰহ, শস্য আৰু জন্তুৰ জাকৰ সুৰক্ষা, আৰু আৱৰ্জনা নিষ্কাশনৰ লগতে আধুনিক কাৰ্য, যেনে ঔদ্যোগিক প্ৰদূষণ, বন্যপ্ৰাণী সংৰক্ষণ আদিৰ ফলত হোৱা পৰিৱৰ্তনে ভূটানৰ জনসংখ্যা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। গ্ৰাম্য আৰু নগৰ দুয়োটা পৰিৱেশতে ভূমি আৰু পানীৰ ব্যৱহাৰো পৰিৱেশৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই সাধাৰণ বিষয়বোৰৰ উপৰিও ভূটানৰ তুলনামূলকভাৱে নগৰীয়া আৰু ঔদ্যোগিক অঞ্চলত আৱৰ্জনা পেলোৱা ঠাইৰ (লেণ্ডফিল) উপলব্ধতা/উপলভ্যতা আৰু বায়ু আৰু শব্দ প্ৰদূষণৰ দৰে আন বিষয়সমূহে বিশেষভাৱে ঠাই পাইছে। বহু ক্ষেত্ৰত আৰ্থিক আৰু ৰাজনৈতিকভাৱে কম ক্ষমতাসম্পন্নসকল পৰিৱেশৰ সমস্যাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়।[1]
২০১১ চনৰ সময়চোৱাত ভূটানত হোৱা ত্বৰান্বিত অৰ্থনৈতিক কাৰ্যকলাপে ভূমি, বায়ু, আৰু পানীৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। উন্নয়নমূলক কাৰ্য্যকলাপে নগৰায়ন, ঔদ্যোগীকৰণ, খনন আৰু শিলৰ খনন, কৃষি, আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প আদি বৃদ্ধি কৰিলে। বৰ্তমান ভূমিৰ অৱক্ষয়, জৈৱ বৈচিত্ৰ্য আৰু বাসস্থানৰ ক্ষতি, অধিক ইন্ধন-কাঠৰ ব্যৱহাৰ, আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত আদি কিছুমান বিষয় ভূটানৰ পৰিৱেশৰ প্ৰতি প্ৰত্যাহ্বান৷[1] অৱশ্যে এই সমস্যাসমূহৰ মাজতো ভূটান সামগ্ৰিকভাৱে কাৰ্বন-নিৰপেক্ষ আৰু সেউজ গৃহ গেছ হ্ৰাস কৰাৰ এটা মূল ভাণ্ডাৰ হৈয়েই আছে৷[1][2]
ভূটান চৰকাৰৰ ভিতৰত স্বতন্ত্ৰ ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগ (NEC)[3] আৰু ভূটান ট্ৰাষ্ট ফাণ্ডৰ [4][5] লগতে কাৰ্যবাহী স্বাস্থ্য মন্ত্ৰ্যালয় (ৰাসায়নিক আৰু তেজষ্ক্ৰিয় আৱৰ্জনাসমূহৰ বাবে), অৰ্থনৈতিক পৰিক্ৰমা,[6] আৰু কৃষি আৰু বন (বন সেৱা বিভাগ)ক[7] পৰিৱেশজনিত সমস্যাসমূহৰ সমাধানৰ দায়িত্ব দিয়া হৈছে। আৱৰ্জনা নিষ্কাশনৰ সমস্যা প্ৰায়ে স্থানীয় চৰকাৰ, ভূটানৰ জোংখাগ আৰু থ্ৰমডেৰ ওপৰত পৰে। ভূটানৰ পৰিৱেশ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় বেচৰকাৰী সংস্থাসমূহ হ’ল একমাত্ৰ ঘৰুৱা পৰিৱেশ সম্পৰ্কীয় এন জি অ’ ৰয়েল ছ’চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ (আৰ এছ পি এন) আৰু বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF)৷