ভীষ্মক
From Wikipedia, the free encyclopedia
ভীষ্মক (সংস্কৃত: भीष्मक ), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা।[1] তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়।[2] তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে[3] যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।[4] ভীষ্মক ৰজাৰ ৰুক্মি প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল।[3] বৰ্তমানৰ কুণ্ডিলপানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ভীষ্মক, সন্তান ...
ভীষ্মক | |
---|---|
ভীষ্মক আৰু কৃষ্ণ একেলগে | |
সন্তান | ৰুক্মি (পুত্ৰ), ৰুক্মিণী (কণ্যা) |
হিন্দু পাঠ্য | হৰিবংশ, পুৰাণ |
অঞ্চল | বিদৰ্ভ |
বন্ধ কৰক
তেওঁৰ ৰুক্মি, ৰুক্মৰথ, ৰুক্মবাহু, ৰুক্মকেশ আৰু ৰুক্মনেত্ৰ নামে পাঁচজন পুত্ৰ[5] আৰু ৰুক্মিণী নামে এগৰাকী পৰামা সুন্দৰী কণ্যা আছিল।