ভাৰ্জিল
From Wikipedia, the free encyclopedia
পুব্লিয়াছ ভাৰ্জিলিয়াছ মাৰো (ইংৰাজী: Publius Vergilius Maro) বা ভাৰ্জিল (খ্ৰীষ্টপূৰ্ব ৭০-১৯)[1] আগষ্টান যুগৰ এজন প্ৰাচীন ৰোমান কবি আছিল। তেওঁ লেটিন সাহিত্যৰ তিনিটা বিখ্যাত কবিতা ৰচনা কৰিছিল। এইকেইটা হৈছে: একলগ (বা বুকলিক্স), জৰ্জিক্স আৰু মহাকাব্য এনিড। এপেণ্ডিক্স ভাৰ্জিলিয়ানাত সংকলিত কৰা কেইবাটাও সৰু কবিতাৰ ৰচনাৰ কৃতিত্ব প্ৰাচীন কালত তেওঁক দিয়া হৈছিল। কিন্তু আধুনিক পণ্ডিতসকলে তেওঁ এই কবিতাসমূহৰ ৰচয়িতা হয় নে নহয় সেয়া সন্দেহজনক বুলি গণ্য কৰে।[2]
ভাৰ্জিলৰ কামে পাশ্চাত্য সাহিত্যৰ ওপৰত ব্যাপক আৰু গভীৰ প্ৰভাৱ পেলাইছে। বিশেষকৈ দান্তেৰ ডিভাইন কমেডিত ভাৰ্জিলৰ নৰক আৰু পুৰগেটৰীক লেখকৰ নিৰ্দেশক হিচাপে দেখা যায়।[3]
ভাৰ্জিলক পৰম্পৰাগতভাৱে ৰোমৰ অন্যতম মহান কবি হিচাপে স্থান দিয়া হৈছে। তেওঁৰ এনিডক প্ৰাচীন ৰোমৰ এক ৰাষ্ট্ৰীয় মহাকাব্য বুলিও গণ্য কৰা হয়।
পুব্লিয়াছ ভাৰ্জিলিয়াছ মাৰোৰ জন্ম হৈছিল ১৫ অক্টোবৰ ৭০ খ্ৰীষ্টপূৰ্বত ৰোমান গণৰাজ্যৰ মন্টুয়াৰ ওচৰত।