ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল
ভাৰত উপ-মহাদেশত কথিত কোনো কোনো ভাষাৰ এক পৰিয়াল / From Wikipedia, the free encyclopedia
ভাৰত-ইউৰোপীয় ভাষাসমূহ কেইবাশ সম্পৰ্কীয় ভাষা আৰু দোৱানৰ এক ভাষা পৰিয়াল।[1] ইউৰোপীয় ভাষাসমূহ, ইৰানীয়ান মালভূমি, দক্ষিণ এছিয়া আৰু এনাটলিয়াৰ বেছিভাগ প্ৰধান ভাষা ইয়াৰ অন্তৰ্ভুক্ত। এনাটলিয়ান ভাষা আৰু মাইচেনিয়ান গ্ৰীকৰ ৰূপত ব্ৰ'ঞ্জ যুগৰ দিনৰ পৰা ইয়াৰ লিখিত ৰূপ পোৱা গৈছে। সেইহিচাপে এফ্ৰ'এছিয়াটিক পৰিয়ালৰ পিছতে সকলোতকৈ পুৰণি ইতিহাসসমৃদ্ধ ভাষা পৰিয়াল হোৱা বাবে ই ভাষা ইতিহাসবিদসকলৰ গুৰুত্ব লাভ কৰিছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ভাৰত-ইউৰোপীয়ান | |
---|---|
ভৌগোলিক বিস্তৃতি: |
১৬শ শতিকাৰ আগতে ইউৰোপ, আৰু দক্ষিণ, মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া; এতিয়া বিশ্বজুৰি। |
ভাষাৰ শ্ৰেণীবিভাজন: | বিশ্বৰ এটা প্ৰধান ভাষা পৰিয়াল |
প্ৰাক্-ভাষা: | প্ৰাক্-ভাৰত-ইউৰোপীয় |
উপশ্ৰেণীসমূহ: |
আলবেনিয়ান
এনাটলিয়ান (লুপ্ত)
আৰ্মেনিয়ান
বাল্ট’-স্লাভিক (বাল্টিক আৰু স্লাভিক)
কেল্টিক
জাৰ্মানীক
হেলেনিক (গ্ৰীক)
ভাৰত-ইৰাণী
ইটালিক (ৰোমাঞ্চ অন্তৰ্ভুক্ত)
তুষাৰীয় (লুপ্ত)
|
ISO 639-2 and 639-5: | ine |
গৰিষ্ঠ সংখ্যক ভাৰত-ইউৰোপীয় ভাষাবাসী থকা দেশসমূহ
ভাৰত-ইউৰোপীয় ভাষাৰ কম সংখ্যক কওঁতা কিন্তু চৰকাৰী স্বীকৃতি থকা দেশসমূহ |
প্ৰায় ৩০০ কোটি দেশীয় বাসিন্দাই ভাৰত-ইউৰোপীয় ভাষাসমূহ কয়,[2] ই যিকোনো ভাষা পৰিয়ালৰ ভিতৰত সকলোতকৈ বেছি। এথ্ন'ল'গৰ মতে সৰ্বোচ্চ সংখ্যক "দেশীয় কওঁতা" থকা বিশটা ভাষাৰ ভিতৰত ভাৰত-ইউৰোপীয় ভাষা বাৰটা: স্পেনিছ, ইংৰাজী, হিন্দী, পৰ্তুগীজ, বাংলা, ৰাছিয়ান, জাৰ্মান, মাৰাঠী, ফ্ৰেঞ্চ, ইটালীয়ান, পঞ্জাবী, আৰু উৰ্দু। এইবোৰৰ মুঠ বক্তা ১৭০ কোটিৰো অধিক।[3] কেইবাটাও বিতৰ্কিত প্ৰস্তাৱে ভাৰত-ইউৰোপীয়ানক আন ভাষা পৰিয়ালৰ লগত সংযোগ কৰিছে।