ভাৰতৰ শাস্ত্ৰীয় নৃত্য
From Wikipedia, the free encyclopedia
ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়,[1][2][3] এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়।[4][5][6]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে। সংগীত নাটক একাডেমীয়ে বৰ্তমান আঠটা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে।[7] এই নৃত্য শৈলীকেইটা হৈছে: ওদিছি (ওড়িশা), কথক (উত্তৰ প্ৰদেশ), কথাকলি (কেৰালা), কুচিপুড়ি (অন্ধ্ৰ প্ৰদেশ), ভাৰতনাট্যম (তামিলনাডু), মণিপুৰী (মণিপুৰ), মোহিনীঅট্টম (কেৰালা), আৰু সত্ৰীয়া (অসম)।[8] ড্ৰিড ৱিলিয়ামছৰ দৰে গৱেষকে ছৌ (পশ্চিমবংগ, ঝাড়খণ্ড, ওড়িশা), যক্ষগান (কৰ্ণাটক) আৰু ভাগৱত মেলা (তামিলনাডু)-কো শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়ে।[3][9] আনহাতে, ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়ে ছৌ নৃত্যক ইয়াৰ শাস্ত্ৰীয় নৃত্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে।
নৃত্যশাস্ত্ৰ মতে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দুটা মূল ৰূপ হৈছে- ১/লাস্য আৰু ২/তাণ্ডৱ।[10]