ভাৰতীয় টকা
ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা / From Wikipedia, the free encyclopedia
ভাৰতীয় টকা (চিহ্ন: ₹; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।[1]
আধুনিক ভাৰতীয় টকাক পইছালৈ ভাগ কৰা হৈছে। বৰ্তমান এটকাত ১০০ পইছা থাকে। কাগজৰ নোট ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ টকাত পোৱা যায়। লগতে ধাতুৰ মুদ্ৰা ৫০ পইছা, ১ টকা, ২ টকা ৫ টকা আৰু ১০ টকা পোৱা যায়।
ৰুপীয়া শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল।
২০১০ চনৰ ১৫ জুলাইত ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে টকাৰ এটি প্ৰতীক চিহ্ন নিৰ্বাচন কৰে। এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। ইয়াৰ আগতে Rs. (একবচনত Re.) শব্দটো টকাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা হৈছিল।
ভাৰতীয় টকা | |||
---|---|---|---|
रुपया (হিন্দী) | |||
| |||
ISO 4217 ক’ড | INR | ||
কেন্দ্ৰীয় বেঙ্ক | ভাৰতীয় ৰিজাৰ্ভ বেংক | ||
ৱেবছাইট | www.rbi.org.in | ||
আধিকাৰিক ব্যৱহাৰ | ভাৰত | ||
অনাধিকাৰিক ব্যৱহাৰ | ভূটান (ভূটানী ঙুলট্ৰুমৰ সৈতে একেলগে) নেপাল (নেপালী টকাৰ সৈতে একেলগে) | ||
মুদ্ৰাস্ফীতি | ৭.২৩%, এপ্ৰিল ২০১২ | ||
উৎস | eaindustry.nic.in | ||
পদ্ধতি | WPI | ||
বিনিময় হাৰ | ভূটানী ঙুলট্ৰুম (সমান) নেপালী টকা (1 INR = 1.6 NPR) | ||
উপ একক | |||
১/১০০ | পইছা | ||
চিহ্ন | ₹ | ||
পইছা | p | ||
পূৰ্বতে ব্যৱহৃত চিহ্ন | ₨, Rs, ৳, ૱, ௹, रु | ||
আন নাম | টাকা (৳), ৰুপায়া, ৰুবিয়া | ||
ধাতব মুদ্ৰা | ৫০ পইছা, ₹ ১, ২, ৫, ১০ | ||
কাগজী মুদ্ৰা | ₹ ১, ২, ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ | ||
মুদ্ৰক | ভাৰতীয় ৰিজাৰ্ভ বেংক | ||
ৱেবছাইট | www.rbi.org.in | ||
টকাশাল | India Government Mint | ||
ৱেবছাইট | www.spmcil.com |