ভাৰতীয় চলচ্চিত্ৰ
ভাৰতবৰ্ষৰ চলচ্চিত্ৰ নিৰ্মাণ উদ্যোগ / From Wikipedia, the free encyclopedia
ভাৰতীয় চলচ্চিত্ৰই (ইংৰাজী: Cinema of India) বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।[7] ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ পৰা নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহক সামৰি লয়। দক্ষিণ এছিয়া, মধ্য-প্ৰাচ্য, দক্ষিণ-পূব এছিয়া আৰু পূৰ্বৰ ছোভিয়েট সংঘত ভাৰতীয় চলচ্চিত্ৰৰ গুণগ্ৰাহী দৰ্শক আছে। চলচ্চিত্ৰ ভাৰতৰ এক অতি জনপ্ৰিয় মাধ্যম। দেশখনত বছৰি বিভিন্ন ভাষাত এহাজাৰতকৈয়ো অধিক ছবি নিৰ্মাণ হৈছিল।[8] ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশতো বিভিন্ন ভাষাত নিৰ্মিত ভাৰতীয় ছবিসমূহৰ দৰ্শক বৃদ্ধি পাই আহিছে। দাদাচাহেব ফালকেক ভাৰতীয় চলচ্চিত্ৰৰ জনক আখ্যা দিয়া হয়।[9][10][11][12] এইগৰাকী ব্যক্তিৰ সন্মানাৰ্থে ভাৰত চৰকাৰে ১৯৬৯ চনৰ পৰা দাদাচাহেব ফাল্কে বঁটা প্ৰৱৰ্তন কৰিছে। প্ৰতিবছৰে যথেষ্ট মৰ্যাদাপূৰ্ণ এই বঁটা ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজুৰি আগবঢ়োৱা অৱদানৰ বাবে একোগৰাকী চলচ্চিত্ৰ ব্যক্তিত্বক প্ৰদান কৰা হয়।[13]
ভাৰতীয় চলচ্চিত্ৰ | |
---|---|
ৰূপালী পৰ্দাৰ সংখ্যা | ৯,৩৮২ (২০২২)[1] |
• জনমূৰি | প্ৰতি মিনিলয়নত ৬ (২০২১)[2] |
মুঠ | ২৮৮৬ |
মুঠ বিনিয়োগ (২০১৬)[3] | |
মুঠ | ২,০২০,০০০,০০০ |
• জনমূৰি | ১.৬৯ |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ | ১,৭১৩,৬০০,০০০ |
সৰ্বমুঠ বক্স-অফিচ (২০২২)[4] | |
মুঠ | ₹১৫,০০০ কোটি[5] |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ | US$৩.৭ বিলিয়ন (২০২০)[6] |
বিংশ শতাব্দীত হলিউড আৰু চীনা চলচ্চিত্ৰৰ সৈতে ভাৰতীয় চলচ্চিত্ৰ বিশ্ব পৰ্যায়ৰ উদ্যোগলৈ ৰূপান্তৰিত হয়।[14] ২০১০ চনৰ শেষৰ ফালে প্ৰকাশিত প্ৰতিবেদনত মতে ছবি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত আছিল। দ্বিতীয় আৰু তৃতীয় স্থানত আছিল ক্ৰমে হলিউড আৰু চীনদেশ।[15] বৰ্দ্ধিত কাৰিকৰী জ্ঞানে উৎপাদিত সামগ্ৰী বিতৰণ আৰু লক্ষ্যশ্ৰোতাৰ ওচৰ চপাৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰীয় পদ্ধতিৰ বিকাশৰ বাট মুকলি কৰিছে। ভিজুৱেল ইফেক্টভিত্তিক চুপাৰ হিৰো আৰু বিজ্ঞান বিষয়ক ছবি ক্ৰিছ, এণ্ঠিৰান, ৰা.ৱন আৰু ইগা অতি জনপ্ৰিয় হৈছে।[14] ভাৰতীয় ছবিয়ে ৯০খন দেশৰ বজাৰ পাবলৈ সক্ষম হৈছে।[16]
সত্যজিত ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, আদুৰ গোপালকৃষ্ণন, জি অৰবিন্দন,[17] চাইজি এন কৰুণ, গিৰীশ কাচাৰাৱালী,[18] শ্যাম বেনেগাল,[19] মণি ৰত্নম, জাহ্নু বৰুৱা[20] আদি ভাৰতীয় পৰিচালকৰ ছবি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। [16] শেখৰ কাপুৰ, মীৰা নায়াৰ, ৰাজনেশ ডোমালপল্লী, দীপা মেহতা, নাগেশ কুকুনুৰ, কৰণ জোহৰ আদি ছবি নিৰ্মাতাৰ ছবিও বিদেশৰ বজাৰত সফলতা পাইছে।[21] ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আদি দেশলৈ বৰ্দ্ধিত হাৰত চলচ্চিত্ৰ প্ৰতিনিধি প্ৰেৰণ কৰিছে। তেনেদৰে ফিল্ম প্ৰডিউচাৰ্চ গীল্ডেও ইউৰোপলৈ ভাৰতীয় ছবিৰ বজাৰখন সম্প্ৰসাৰণ কৰিবলৈ বিভিন্ন দল প্ৰেৰণ কৰিছে।[22] শিৱাজী গণেশন আৰু এচ. ভি. ৰঙ্গৰাৱে ক্ৰমে ১৯৫৬ত এফ্ৰো-এছিয়ান ফিল্ম ফেষ্টিভেল, কাইৰো আৰু ১৯৬৩ত জাকাৰ্টা চলচ্চিত্ৰ মহোৎসৱত Veerapandiya Kattabomman আৰু Narthanasala ছবিত কৰা অভিনয়ৰ বাবে প্ৰথম আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।[23][24]
ভাৰতবৰ্ষ সৰ্বাধিক ছবি নিৰ্মাণ কৰোঁতা দেশ।[25][26] ২০০৯ চনত ভাৰতত ১২৮৮খন কাহিনী চিত্ৰকে ধৰি মুঠ ২৯৬১খন ছবি নিৰ্মিত হৈছে।[27] ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত বিনিয়োগ কৰিবলৈ টুৱেণ্টিথ্ ফক্স চেঞ্চুৰী, চোনী পিকচাৰ, ৱাল্ট ডিজনী, ৱাৰ্নাচ্ ব্ৰাডাৰ্চ্ আদি বিদেশী প্ৰতিষ্ঠান আগবাঢ়ি আহিছে।[28][29][30] জী টিভি, ইউ টিভি, সুৰেশ প্ৰোডাকচন, এডলেবচ্, চান পিকচাৰচ্ আদি ভাৰতীয় প্ৰতিষ্ঠানেও ছবি নিৰ্মাণ আৰু বিতৰণৰ ব্যৱসায়ত হাত দিছে।[30] চৰকাৰে মাল্টিপ্লেক্সবোৰলৈ কৰ ৰেহাই সুবিধা আগবঢ়োৱাত দেশজুৰি মাল্টিপ্লেক্স নিৰ্মাণৰ ঢৌ উঠিছে।[30] ২০০৩ লৈ ৩০ টাতকৈ অধিক ছবি নিৰ্মাণ কোম্পানীয়ে নেচনেল ষ্টক এক্সচেঞ্জত নাম তালিকাভূক্ত কৰিছে। ইয়ে মাধ্যমটোৰ ব্যৱসায়িক গুৰুত্ব সূচাইছে।[30]
দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে দক্ষিণ ভাৰতীয় ৪টা ভাষাৰ চলচ্চিত্ৰ উদ্যোগক একেলগে বুজায়। সেইকেইটা হল- কন্নড়, মালয়ালম, তামিল আৰু তেলুগু চলচ্চিত্ৰ উদ্যোগ। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ৭৫% ৰাজহ কেৱল দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পৰা সংগৃহীত হয়।[31] লক্ষাধিক প্ৰবাসী ভাৰতীয়সকলক আকৰ্ষণ কৰাৰ অৰ্থে ছবিসমূহৰ ডিভিডি নিৰ্মাণ কৰা হৈছে তথা বহু ভাৰতীয় ছবি তেওঁলোক বাস কৰা দেশসমূহত শ্বুটিং কৰা হৈছে। .[32] মুখ্য ধাৰাৰ ছবিৰ যোগে প্ৰবাসী ভাৰতীয়সকলৰ পৰা ভাৰতীয় ছবিৰ মুঠ ৰাজহৰ ১২% সংগৃহীত হয়। ২০০০ চনত এই ৰাজহৰ পৰিমাণ আছিল US$ ১.৩ বিলিয়ন।[33] ভাৰতীয় ছবিৰ গীতো অন্যতম ৰাজহ আহৰণ কৰোঁতা। এখন ছবিয়ে আহৰণ কৰা ৰাজহৰ ৪–৫% কেবল গীতৰ পৰাই আহে।[33]