সাহিত্যৰ দুই প্ৰধান ধাৰা - পদ্য সাহিত্য আৰু গদ্য সাহিত্যৰ ভিতৰত গদ্য সাহিত্যৰ এখন সুকীয়া আসন আছে । পদ্য সাহিত্যত কৈ গদ্য সাহিত্যৰ জন্ম বহু পিছত যদিও, পদ্য সাহিত্যতকৈ গদ্য সাহিত্যৰ পাঠকক প্ৰভাৱিত কৰিব পৰা গুণ বেছি। কিয়নো সৰ্বসাধাৰণৰ কথা ৰূপটোৰ মাধ্যমত মানুহে সদায়ে যিকোনো কঠিন বিষয়বস্তুকো হৃদয়ঙ্গম কৰিবলৈ সহজ অনুভৱ কৰে। এনে এক উদ্দেশ্য আগত ৰাখিয়ে হয়তো কথাশিল্পী ভট্টদেৱেও পূৰ্ব প্ৰচলিত তথা পৰম্পৰাগত পদ্য-ৰীতিক পৰিহাৰ কৰি অত্যন্ত সাহসিকতাৰে গদ্য সাহিত্যৰ সৃষ্টিত হাত দিছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ গুৰু দামোদৰদেৱৰ আজ্ঞাক স্বীকাৰ কৰিবই লাগিব, গুৰুৰ আজ্ঞাকে সাৰোগত কৰি ভট্টদেৱে গদ্য সৃষ্টিৰ বাবে কাপ-মৈলাম হাতত লৈছিল।
ভট্টদেৱৰ গদ্যধৰ্মী সাহিত্যৰাজি - 'কথা-ভাগৱত', 'কথা-গীতা' আৰু 'কথা-ৰত্নাৱলী'ৰ ভিতৰত 'কথা-ভাগৱত' প্ৰাৰম্ভিক ৰচনা। অৱশ্যে কথা-গীতাৰহে কথা ৰীতি অতি সৰল আৰু ঘৰুৱা কথাৰ বেছি ওচৰ চপা। তেওঁ কথা-গীতাৰ দৰে এখন তত্ত্ব গধুৰ পদ্য-শাস্ত্ৰক গদ্যৰ মাধ্যমত পোনপ্ৰথমবাৰৰ বাবে ৰচনা কৰি অসমীয়া গদ্য সাহিত্য সৃষ্টিৰ সোপান ৰচনাত যি অৰিহণা দি গ'ল সি সদায়ে স্মৰণযোগ্য।
ভট্টদেৱে গদ্য-ৰচনাত হাত দিয়াৰ পূৰ্বৱৰ্তী সময়ছোৱাত শংকৰদেৱে অংকীয়া নাটৰ সূত্ৰধাৰৰ ৰচনাৰ মাজেদি সাহিত্যিক গদ্যৰ শুভাৰম্ভণি কৰাৰ এটা প্ৰচেষ্টা চলাইছিল। অৱশ্যে সেই গদ্যই লয়ৰ সমাৱেশৰ বাবে প্ৰকৃত তথা বিশুদ্ধ গদ্যৰ মৰ্যাদা লাভ কৰিব নোৱাৰিলে। ভট্টদেৱৰ হাততহে অসমীয়া গদ্য সাহিত্যই প্ৰতিষ্ঠা লাভ কৰে, সেয়ে ক'ব পাৰি ভট্টদেৱ অসমীয়া গদ্য-সাহিত্যৰ জনক।