ভগদত্ত
From Wikipedia, the free encyclopedia
ভগদত্ত (ইংৰাজী: Bhagadatta) নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে।
এই অসমৰ প্ৰসিদ্ধ ব্যক্তি সম্পৰ্কীয় জীৱনীমূলক চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ভগদত্তৰ জীয়েক ভানুমতী আৰু ময়ুৰীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্টদ্যুম্নৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল।[1] তেওঁ চীন আৰু কিৰাত সৈন্য সহ আৰু বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ পিঠিৰ পৰা ৰণ কৰিছিল।[1] কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ “বৈষ্ণৱাস্ত্ৰ” নিক্ষেপ কৰিছিল।[2] কিন্তু কৃষ্ণই সময় মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰী কৃষ্ণৰ কথা মতে, অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূ পটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।[1][3][4]