বৰাহী
From Wikipedia, the free encyclopedia
বৰাহী (সংস্কৃত: वराही )[note 1] হিন্দু ধৰ্মৰ 'মাতৃকা'(সাতগৰাকী মাতৃ দেৱীৰ এটা গোট) সকলৰ এগৰাকী অন্যতম দেৱী। এটা বৰাহৰ মুৰৰ সৈতে, বৰাহী হৈছে বৰাহ (বিষ্ণু দেৱতাৰ অৱতাৰ)ৰ নাৰী শক্তি। নেপালত, দেৱীক বৰাহী বুলি কোৱা হয়। দেৱী বৰাহীক হিন্দু সকলৰ তিনিটা পন্থাই পূজা কৰে: শৈৱ পন্থা (শিৱৰ ভক্ত), বৈষ্ণৱ পন্থা (বিষ্ণুৰ ভক্ত), আৰু বিশেষকৈ শক্তি পন্থা (দেৱী উপাসনা)। দেৱী বৰাহীক সাধাৰণতে ভমমাৰ্গ তান্ত্ৰিক অনুশীলনৰে গোপনীয় ভাৱে ৰাতি পূজা কৰা হয়। বৌদ্ধ দেৱী বজ্ৰবৰাহী আৰু মাৰিচীৰ উৎপত্তি হিন্দু দেৱী বৰাহীৰ পৰা হৈছে বুলি কোৱা হয়।