বৰআই ছিটা
From Wikipedia, the free encyclopedia
বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে 'গো-বসন্ত' (cow pox) ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়। তেওঁ দেখুৱাইছিল যে গো-বসন্তৰ বীজাণু গাত থাকিলে বৰআইৰপৰা ৰক্ষা পাব পাৰি।
প্ৰতিষেধক বা ছিটা বুজাবলৈ ইংৰাজীত ব্যৱহৃত vaccine শব্দটি আহিছিল গৰুৰ বৰআই বুজাবলৈ ব্যৱহৃত Variolae Vaccinae শব্দৰপৰা। জেনাৰে গো-বসন্ত বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিছিল আৰু তাৰপৰাই ভেকচিন শব্দটো জনপ্ৰিয় হৈ পৰে।[2] Vaccination (প্ৰতিষেধক ছিটা প্ৰদান) শব্দটো ছপা আখৰত প্ৰথম ব্যৱহাৰ কৰিছিল জেনাৰৰ বন্ধু ৰিচাৰ্ড ডেনিংয়ে ১৮০০ চনত।[3] প্ৰাৰম্ভিক সময়ত অকল বৰআইৰ প্ৰতিষেধক ছিটাৰ বাবেহে vaccine শব্দটো ব্যৱহাৰ হৈছিল যদিও ১৮৮১ চনত আন এগৰাকী বিজ্ঞানী লুই পেষ্ট'ৰ-য়ে জেনাৰৰ সন্মানত নতুনকৈ আৱিষ্কৃত সকলো প্ৰতিষেককে ভেকচিন বোলাৰ প্ৰস্তাৱ ৰাখে।