বেঞ্জামিন ফ্ৰেংকলিন
From Wikipedia, the free encyclopedia
বেঞ্জামিন ফ্ৰেংকলিন (১৭০৬–১৭৯০) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলৰ এজন। তেওঁ এজন লেখক, প্ৰকাশক, ৰাজনৈতিক দাৰ্শনিক, ৰাজনীতিবিদৰ লগতে বিজ্ঞানী আৰু উদ্ভাৱকো আছিল। এজন বিজ্ঞানী হিচাপে তেওঁক বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰ আৰু তত্ত্বৰ বাবে জনা যায়। এজন উদ্ভাৱক হিচাপে তেওঁ অন্যান্য উদ্ভাৱনাৰ লগতে লাইটনিং ৰড, বাইফোকেল আৰু ফ্ৰেংকলিন ষ্টোভৰ উদ্ভাৱন কৰিছিল।[1] তেওঁ বহুতো নাগৰিক সংগঠন প্ৰতিষ্ঠা কৰিছিল, যাৰ ভিতৰত আছে লাইব্ৰেৰী কোম্পানী, ফিলাডেলফিয়াৰ প্ৰথম অগ্নি নিৰ্বাপক বিভাগ[2] আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়।[3]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |