বীমা
এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় / From Wikipedia, the free encyclopedia
আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় । বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা । ইয়াক নিশ্চিত ক্ষুদ্ৰ ক্ষতিৰ বিনিময়ত অনিশ্চিত বৃহত্ ক্ষতিৰ পৰা ৰক্ষণা-বেক্ষণ বুলি ক’ব পাৰি ।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বীমা হৈছে এক পক্ষৰ সাম্ভাব্য ক্ষতিৰ সমতূল্য মূল্য এক নিৰ্দিষ্ট ধনৰ বিনিময়ত আন পক্ষলৈ কৰা হস্তান্তৰণ । ই হৈছে সংশয় ব্যৱস্থাপনা (Risk Management) ৰ এটা প্ৰকাৰ য’ত সম্ভৱ্য দূৰ্ঘটনা তথা অনিশ্চিত ক্ষতিৰ বিপৰীতে ৰক্ষণা-বেক্ষনা দিয়া হয় । বীমা কৰ্তা (insurer) বা বীমা বাহকে(insurance carrier) বীমা চুক্তি বিক্ৰী কৰে ; বীমাকৃত (insured) বা বিমা ধাৰক বা পলিচি হ’ল্ডাৰ হ’ল যি জন মানুহে বা যিটো সংস্থানে বীমা চুক্তি ক্ৰয় কৰে । যি ধনৰ বিনিময়ত এটা নিৰ্দিষ্ট মূল্যৰ বীমাৰ সুৰক্ষা দিয়া হয় তাক প্ৰিমিয়াম (premium) বুলি কয় । সংশয় ব্যৱস্থাপনা (Risk Management), য’ত সংশয়ৰ মূল্যাংকন আৰু নিয়নত্ৰণ কৰা হয়, আজি অধ্যয়ন আৰু চৰ্চাৰ বাবে এটা আছুতীয়া বিষয় হিচাপে গঢ় লৈ উঠিছে ।
বীমাকৃত জনৰ যদি দুৰ্ঘটনা হয় (বীমা চুক্তিৰ পৰিধিৰ ভিতৰত) তেতিয়া সেই দুৰ্ঘটনাটোত হোৱা আৰ্থিক ক্ষতি (নিজা) ৰ ক্ষতিপূৰণ দিয়াৰ অংগীকাৰ বীমা বাহকৰ পৰা লোৱাৰ বিনিময়ত বীমাকৃত জনে বীমা বাহকক এক নিশ্চিত আৰু জ্ঞাত তুলনামূলক ভাৱে আতি নগন্য ধন প্ৰদান কৰে । বীমা ধাৰকে এখন চুক্তি পত্ৰ পায় যি খনক বীমা চুক্তি বোলে য’ত বীমা ধাৰক জনক কি কি চৰ্ত্তত আৰু পৰিস্থিতিত আৰ্থিক ক্ষতি পূৰণ দিয়া হ’ব উল্লেখ থাকে ।