বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা
From Wikipedia, the free encyclopedia
বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (ইংৰাজী: WHO Model List of Essential Medicines) হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন তালিকা য'ত স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ বুলি বিবেচিত ঔষধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।[1] দেশসমূহে নিজৰ স্থানীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকা প্ৰস্তুত কৰিবলৈ সহায়ক হিচাপে সঘনাই এই তালিকাখন ব্যৱহাৰ কৰে।[1] ২০১৬ চনলৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ আদৰ্শ তালিকাৰ ভিত্তিত ১৫৫ খনতকৈও অধিক দেশে অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা প্ৰস্তুত কৰিছে।[2] ইয়াৰ ভিতৰত উন্নত দেশসমূহৰ লগতে উন্নয়নশীল দেশসমূহো অন্তৰ্ভুক্ত।[1][3]
তালিকাখন মূল বস্তু আৰু পৰিপূৰক বস্তুত ভাগ কৰা হৈছে।[4] মূল বস্তুসমূহক অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাসমূহৰ বাবে আটাইতকৈ কম খৰচী বিকল্প হিচাপে গণ্য কৰা হয় আৰু কম অতিৰিক্ত স্বাস্থ্যসেৱাৰ সম্পদৰ সৈতে ব্যৱহাৰযোগ্য।[4] পৰিপূৰক বস্তুসমূহৰ বাবে হয় অতিৰিক্ত আন্তঃগাঁথনি, যেনে বিশেষভাৱে প্ৰশিক্ষিত স্বাস্থ্যসেৱা প্ৰদানকাৰী বা ৰোগ নিৰ্ণায়ক সঁজুলিৰ প্ৰয়োজন হয় বা কম খৰচ–লাভৰ অনুপাত থাকে।[4] প্ৰায় ২৫% বস্তু পৰিপূৰক তালিকাখনত আছে।[5] কিছুমান ঔষধক মূল আৰু পৰিপূৰক দুয়োটা শ্ৰেণীতে তালিকাভুক্ত কৰা হৈছে।[6] তালিকাত থকা বেছিভাগ ঔষধেই জেনেৰিক সামগ্ৰী হিচাপে উপলব্ধ যদিও পেটেণ্টৰ অধীনত থকাৰ বাবে অন্তৰ্ভুক্ত হোৱাত বাধা নাই।[7]
১৯৭৭ চনত প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছিল আৰু ইয়াত ২০৮ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছিল।[8][1][9] বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই তালিকাখন আপডেট কৰে।[10] ২০০৫ চনত প্ৰকাশিত ১৪ সংখ্যক তালিকাখনত ৩০৬ বিধ ঔষধ আছিল।[11] ২০১৫ চনত এই তালিকাৰ ১৯ সংখ্যক সংস্কৰণ প্ৰকাশ কৰা হয় আৰু ইয়াত প্ৰায় ৪১০ বিধ ঔষধ আছিল।[10] ২০১৭ চনত প্ৰকাশিত ২০ সংখ্যক সংস্কৰণত ঔষধৰ সংখ্যা হয়গৈ ৪৩৩ বিধ।[12][13] ২০১৯ চনত প্ৰকাশ পোৱা ২১ সংখ্যক তালিকাখনত ৪৬০ বিধ ঔষধ আছিল।[14][15][16] ২০২১ চনত প্ৰকাশ পোৱা ২২ সংখ্যক তালিকাখনত ঔষধৰ সংখ্যা হয়গৈ ৪৭৯ বিধ।[17][18] বিভিন্ন ৰাষ্ট্ৰীয় তালিকাত ৩৩৪ৰ পৰা ৫৮০ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে।[5]
২০০৭ চনত ১২ বছৰ বয়সলৈকে শিশুৰ বাবে এখন সুকীয়া তালিকা প্ৰস্তুত কৰা হৈছিল। এই তালিকাখন বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (ইংৰাজী: WHO Model List of Essential Medicines for Children, সংক্ষেপে EMLc) নামেৰে জনাজাত। বৰ্তমান এই তালিকাখনৰ অষ্টম সংস্কৰণ প্ৰচলিত।[10][19][20] শিশুৰ প্ৰয়োজনসমূহ পদ্ধতিগতভাৱে বিবেচনা কৰাটো নিশ্চিত কৰিবলৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।[21][22] শিশুৰ তালিকাৰ সকলো বস্তু মূল তালিকাখনতো অন্তৰ্ভুক্ত কৰা হৈছে।[23] তালিকাখন আৰু টোকাসমূহ মূল তালিকাখনৰ ১৯ সংখ্যক সংস্কৰণৰ পৰা ২২ সংখ্যক সংস্কৰণৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।[4][12][14][17] এটা α (আলফা) য়ে ইংগিত দিয়ে যে এটা ঔষধ পৰিপূৰক তালিকাত আছে।[4][14][17]