বিশ্ব বেংক
From Wikipedia, the free encyclopedia
বিশ্ব বেংক (ইংৰাজী: World Bank) হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে।[2] বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুনৰ্নিৰ্মাণ আৰু উন্নয়ন বেংক বা চমুকৈ আই.বি.আৰ.ডি. আৰু ইণ্টাৰনেচনেল ডেভেলপমেণ্ট এছ’চিয়েচন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা বা চমুকৈ আই.ডি.এ.। বিশ্ব বেংক ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাসমূহৰ অন্তৰ্গত বিশ্ব বেংক গোটৰ ভিতৰুৱা প্ৰতিষ্ঠান।
ক্ষিপ্ৰ তথ্য বিশ্ব বেংক World Bank, নীতিবাক্য ...
বিশ্ব বেংক World Bank | |
---|---|
বিশ্ব বেংকৰ ল’গ’ | |
নীতিবাক্য | Working for a World Free of Poverty |
প্ৰতিষ্ঠা | জুলাই ১৯৪৪ |
ধৰণ | আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান |
উদ্দেশ্য | ঋণ প্ৰদান |
প্ৰধান কাৰ্যালয় | ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ |
সদস্যপদ | ১৮৮খন দেশ (IBRD)[1] ১৭২খন দেশ (IDA) |
মাতৃ সন্থা | বিশ্ব বেংক গোট |
ৱেবছাইট | www |
বন্ধ কৰক
বিশ্ব বেংকৰ আনুষ্ঠানিক লক্ষ্য হৈছে দৰিদ্ৰতা নিৰ্মূলকৰণ। প্ৰতিষ্ঠানটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টৰ মতে ইয়াৰ সকলো সিদ্ধান্ত বৈদেশিক বিনিময় আৰু আন্তৰ্জাতিক বেহা-বেপাৰৰ অগ্ৰগতি আৰু মূলধন বিনিয়োগৰ পক্ষত হ’ব লাগিব।[3][4]