বিজ্ঞানৰ দৰ্শন
বিজ্ঞানৰ দৰ্শন / From Wikipedia, the free encyclopedia
বিজ্ঞানৰ দৰ্শন দৰ্শনৰ এটি ভাগ যাৰ বিষয় বিজ্ঞানৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে অধিবিদ্যা, তত্ত্ববিদ্যা, জ্ঞানতত্ত্ব আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু সত্যৰ সম্বন্ধ অধ্যয়ন কৰোঁতে- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বাণী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তোলে।
বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে জীৱবিজ্ঞান, ভৌতিক বিজ্ঞান আদি) মাথোঁ প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে।
যদিও বিজ্ঞান বিষয়ক দাৰ্শনিক চিন্তা অন্ততঃ এৰিষ্ট'টলৰ দিনৰপৰাই চলি আহিছে, বিজ্ঞানৰ দৰ্শনৰ এক পৃথক শৃংখলা ৰূপে বিকাশ বিংশ শতিকাৰ মাজ ভাগৰপৰাহে আৰম্ভ হৈছে। এনে হৈছিল যৌক্তিক দৃষ্টবাদৰ প্ৰাক্কালত। যৌক্তিক দৃষ্টিবাদৰ লক্ষ্য প্ৰতিটো দাৰ্শনিক বিবৃতিৰ অৰ্থপূৰ্ণতাৰ মাপ-কাঠি নিৰ্ণয় কৰা আৰু বস্তুবাদী ৰূপে সেই বিবৃতিসমূহক পৰিমাপ কৰা। থমাচ কুহ্নৰ ঐতিহাসিক গ্ৰন্থ 'দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সে' (১৯৬২) বৈজ্ঞানিক বিকাশ যে অবিচলিত, আৰু জ্ঞানৰ সঞ্চয়িত অধিগ্ৰহণ নিশ্চিত প্ৰণালীৰ ওপৰত আধাৰিত, সেই ধাৰণাক প্ৰত্যাহ্বান জনালে। তেওঁ তাৰ সলনি তৰ্ক কৰিলে যে যিকোনো বিকাশ এক বিশেষ ঐতিহাসিক সময়ৰ দৃষ্টান্তৰ-- প্ৰশ্ন, ধাৰণা, চৰ্চাৰ-- সৈতে আপেক্ষিক।
পৰৱৰ্তি কালত, ডাব্লিউ ভি কুঁৱাইন আৰু অন্যান্যৰ বাবে বিজ্ঞানৰ সুসংগত অভিগমন, যে শাস্ত্ৰ মান্য হয় যদি ই পৰ্যবেক্ষণক এক সুসংগত সমগ্ৰৰ অংশ হিচাপে দেখুৱাব পাৰে-- এই অভিগমন প্ৰধান হৈ পৰিল। ষ্টিফেন জে' গুডৰ দৰে কোনো কোনো চিন্তাবিদে বিজ্ঞানক স্বয়ংসিদ্ধ ধাৰণাৰ সমষ্টিলৈ স্থলিত কৰিব বিচাৰে, যেনে প্ৰকৃতিৰ সামঞ্জস্য। পল ফেয়েৰাবেণ্ডকে ধৰি দাৰ্শনিকসকলৰ এক কণ্ঠ্য সংখ্যালঘু দলে তৰ্ক কৰে যে 'বৈজ্ঞানিক প্ৰণালী'ৰ দৰে প্ৰকৃততে কোনো বস্তুৱেই নাই, সেয়ে বিজ্ঞানৰ সকলো অভিগমনক মান্যতা প্ৰদান কৰিব লাগে, অলৌকিকসমূহকো। বিজ্ঞানৰ বিষয়ে চিন্তা কৰাৰ আন এক অভিগমন হ'ল সমাজবৈজ্ঞানিক দৃষ্টিকোণৰপৰা জ্ঞান কেনেকৈ সৃষ্টি হয় তাক অধ্যয়ন কৰা। এনে অভিগমনক ডেভিড ব্লুৰ, বেৰী বাৰ্ণছৰ দৰে দাৰ্শনিকে সমৰ্থন কৰে। শেষত, ১৯-২০ শতিকাৰ ইউৰোপীয় দৰ্শনে বিজ্ঞানক মানৱ অভিজ্ঞতাৰ কঠোৰ বিশ্লেষণ হিচাপে চায়।
বিজ্ঞানৰ বিশেষ ভাগ সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰপৰা উদিত সময়ৰ প্ৰকৃতি বিষয়ক, ৰাজহুৱা নীতিত অৰ্থনীতিৰ প্ৰভাৱ আদি। এক মুখ্য বিষয় হ'ল, কোনো এক বৈজ্ঞানিক শৃংখলাক আন এক শৃংখলালৈ অনুবাদ কৰিব পৰা যায় নে নাযায়। যেনে, ৰসায়ন বিজ্ঞানক ভৌতিক বিজ্ঞানলৈ অনুবাদ কৰিব পাৰি নে? সমাজ বিজ্ঞানক ব্যক্তিগত মনোবিজ্ঞানৰ স্তৰলৈ অনুবাদ কৰিব পাৰি নে? বিজ্ঞানৰ দৰ্শনৰ সাধাৰণ প্ৰশ্নসমূহৰো বিজ্ঞানৰ কোনো এক ধাৰাত বিশেষ গুৰুত্ব থাকিব পাৰে। যেনে বৈজ্ঞানিক যুক্তিৰ বৈধতাৰ পৰিসংখ্যানবিদ্যাৰ প্ৰতিষ্ঠাপনত বিশেষ গুৰুত্ব আছে। কি বিজ্ঞান হয় আৰু কি বিজ্ঞান নহয় সেই কথা চিকিৎসাৰ দৰ্শনত জীৱন-মৰণৰ প্ৰশ্ন। তদুপৰি, জীৱবিজ্ঞান, মনোবিজ্ঞান, সমাজ বিজ্ঞান ইত্যাদিৰ দৰ্শনসমূহে মানৱ প্ৰকৃতিৰ বৈজ্ঞানিক অধ্যয়নে বস্তুবাদী ৰূপ লাভ কৰিব পাৰিব নে মূল্যবোধ আৰু সামাজিক সম্বন্ধৰে প্ৰভাৱিত হৈ থাকিবই, তেনে বিষয়ো অধ্যয়ন কৰে।