বাহাই ধৰ্ম
From Wikipedia, the free encyclopedia
বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية)[note 1] এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। [1] বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। [2] বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।
বাহাউল্লাহে এই ধৰ্ম ১৯ শতিকাৰ পাৰ্ছিয়াত প্ৰবৰ্তন কৰিছিল। সেই বাবেই তেওঁক পাৰ্ছিয়াৰ পৰা নিৰ্বাসিত কৰি অট্ট'মান সাম্ৰাজ্যলৈ খেদি দিয়া হয়, য'ত তেওঁৰ 'দোষী' ৰূপেই মৃত্যু হ'ল। বাহাউল্লাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আব্দুল-বাহাৰ দ্বাৰা এই ধৰ্মই পাৰ্ছিয়া আৰু অট্ট'মান সাম্ৰাজ্য পাৰ কৰি ইউৰোপ, আমেৰিকা পালেগৈ। বাহাই ধৰ্মই ইৰাণতো স্থান পালে, য'ত পিছ বাহাইসকলে প্ৰতিকূল পৰিস্থিতি সহ্য কৰিব লগা হ'ল। [3] আব্দুল বাহাৰ মৃত্যুৰ পিছত বাহাই ধৰ্মৰ নেতৃত্ব নিৰ্বাচিত তথা চয়নিত মণ্ডলীৰ হাতলৈ গ'ল। [4] পৃথিৱীৰ ২০০তকৈও অধিক দেশত বৰ্তমান প্ৰায় ৫০ লাখ বাহাই ধৰ্মাৱলম্বী লোক আছে। [5][note 2]
বাহাই বিশ্বাস অনুসৰি ধৰ্মৰ ইতিহাসত কেইবাজনো ঐশ্বৰিক গুৰু আহিছে, যিসকলে স্থান আৰু মানুহৰ ক্ষমতা অনুসৰি ন-ন ধৰ্ম স্থাপন কৰিছে। বাহাই ঐশ্বৰিক গুৰুসকলৰ ভিতৰত আব্ৰাহমীয় ধৰ্মসমূহৰ মচেচ, যীশু খ্ৰীষ্ট, মহম্মদ, ধাৰ্মিক ধৰ্মসমূহৰ কৃষ্ণ, গৌতম বুদ্ধ আদিক গণ্য কৰা হয়। বাহাই ধৰ্মৰ শেহতীয়া ঐশ্বৰিক গুৰু বাব আৰু বাহাউল্লাহ। বিশ্বাস অনুযায়ী, প্ৰতিজন গুৰুৱে ঈশ্বৰৰ এক নিৰ্দেশক বিয়পালে, আৰু বাহাউল্লাহৰ জীৱন আৰু কৰ্ময়ো পূৰ্বৰ গুৰুসকলৰ শেষৰ আশ্বাসসমূহ ৰক্ষা কৰে। মানৱতা এটি ঐক্যবদ্ধ সৃষ্টি আৰু সকলোৰে উদ্দেশ্য সমগ্ৰ বিশ্বতে শান্তি, ন্যায় আৰু ঐক্য স্থাপন কৰা হোৱা উচিত। [6]