বালি, ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ / From Wikipedia, the free encyclopedia
বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত।
বালি ᬩᬮᬶ Bālī |
|||
---|---|---|---|
— প্ৰদেশ — | |||
Tanah-Lot Bali Indonesia Pura-Tanah-Lot-01.jpgবালিৰ বিখ্যাত তানাহ লট মন্দিৰ | |||
|
|||
নীতি বাক্য: ᬩᬮᬶ ᬤ᭄ᬯᬶᬧ ᬚᬬ বালি দ্বীপা জয়া (বালীয়) (অৰ্থ: সমৃদ্ধময় বালি দ্বীপ) |
|||
ইণ্ডোনেছিয়াত বালিৰ অৱস্থান | |||
দেশ | ইণ্ডোনেছিয়া | ||
ৰাজধানী | ডেনপাচাৰ | ||
মাটিকালি | |||
- মুঠ | ৫,৭৮০ কি.মি.২ (২,২৩১.৭ বৰ্গ মাইল) |
||
জনসংখ্যা (২০১৪) | |||
- মুঠ | ৪২,২৫,৩৮৪ জন | ||
- জনঘনত্ব | ৭৩১ প্ৰতি বৰ্গ কি.মি. (১,৮৯৩.৪ প্ৰতি বৰ্গ মাইল) |
||
জনগাঁথনি | |||
- জনগোষ্ঠী[1] |
|
||
- ধৰ্ম[2] | |||
- ভাষা[3] |
|
||
সময় অঞ্চল | WITA (গ্ৰী.মা.স.+০৮) | ||
যানবাহনৰ নম্বৰ | DK | ||
HDI | ০.৭৪৩ (উচ্চ) | ||
ৱেবছাইট | www |
পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত। বালি প্ৰণালীৰ দ্বাৰা বালি আৰু জাভা পৃথক হৈছে। পূবৰ পৰা পশ্চিমলৈ দ্বীপটো ১৫৩ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১১২ কিলোমিটাৰ। নুচা পেনিদা জিলা বাদ দি প্ৰশাসনিকভাবে ইয়াৰ মাটিকালি ৫,৭৮০ বৰ্গকিলোমিটাৰ।[4] জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ৭৫০ জন।
২০১০ চনৰ লোকপিয়ল অনুযায়ী অঞ্চলটোৰ জনসংখ্যা ৩৮,৯০,৭৫৭ জন[5] আৰু ২০১৪ চনৰ জানুৱাৰীৰ অনুমান অনুসৰি ৪২,২৫,৩৮৪ জন।[6] দ্বীপটোৰ অধিকাংশ লোক হিন্দু ধৰ্মালম্বী। ২০১০ চনৰ তথ্য অনুসৰি বালিৰ জনসংখ্যাৰ ৮৩.৫% শতাংশই বালীয় হিন্দু।[1] বাকী লোকসকলৰ হৈছে ইছলাম (১৩.৪%), খ্ৰীষ্টান (২.৫%) আৰু বৌদ্ধ (০.৫%) ধৰ্মালম্বী।[7]
অতীজতে বালিত বিভিন্ন হিন্দু সম্প্ৰদায়ৰ লোকে বসবাস কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে একো একোজন নিৰ্দিষ্ট দেৱতাক পূজা কৰিছিল।[8] বালিৰ সংস্কৃতি ভাৰতীয় আৰু চীনা সংস্কৃতিৰ দ্বাৰা প্ৰচুৰভাৱে প্ৰভাৱান্বিত। ইয়াত প্ৰথম শতিকাৰ পৰাই হিন্দু সংস্কৃতিৰ বিকাশ হোৱা বুলি অনুমান কৰা হয়।[9]