বাংলাদেশৰ মুক্তিযুদ্ধ
১৯৭১ বৰ্ষত বাংলাদেশ–পাকিস্তানৰ মাজত সংঘটিত সশস্ত্ৰ সংগ্ৰাম / From Wikipedia, the free encyclopedia
বাংলাদেশৰ মুক্তিযুদ্ধ(i) (বঙালী: বাংলাদেশের মুক্তিযুদ্ধ, ইংৰাজী: Bangladesh Liberation War) হৈছে ১৯৭১ চনত তৎকালীন পূব পাকিস্তান আৰু (পশ্চিম) পাকিস্তানৰ মাজত প্ৰায় ৯ মাহ ধৰি চলা এক সশস্ত্ৰ সংগ্ৰাম। পূব পাকিস্তানৰ হৈ এই যুদ্ধত ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ভাৰতেও অংশগ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰ তাৰিখে সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটে আৰে ইয়াৰ পাছৰ পৰা পূব পাকিস্তান পশ্চিম পাকিস্তানৰ পৰা বিছিন্ন হৈ বাংলাদেশ ৰাষ্ট্ৰ গঠন কৰে।
বাংলাদেশৰ মুক্তিযুদ্ধ | |||||||||
---|---|---|---|---|---|---|---|---|---|
শীতল যুদ্ধৰ অংশ | |||||||||
|
|||||||||
যুজাৰু | |||||||||
বাংলাদেশ
| পাকিস্তান
|
||||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||||
General M. A. G. Osmani Lt.Gen. J.S. Aurora FM Sam Manekshaw Lt.Gen. Sagat Singh Maj.Gen. JFR Jacob | LGen A.A.K. Niazi LGen Tikka Khan RAdm M. Shariff Air-CDRE Enamul Huq |
||||||||
সৈন্য শক্তি | |||||||||
Bangladesh Forces: 175,000[2][3] India: 250,000[2] | Pakistan Combatant Forces: ~ 365,000[2] Para Military: ~250,000[4] |
||||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||||
Bangladesh Forces: 30,000 India: 1,426 † 3,611 Wounded (Official) 1,525 † 4,061 Wounded[5] | Pakistan ~8,000 †[উদ্ধৃতিৰ প্ৰয়োজন] |
||||||||
Civilian death toll: Estimated between 300,000[8] and 3,000,000[9] |
১৯৭০ চনত তৎকালীন পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত (ইংৰাজী: Pakistani general election, 1970) পূ্ব পাকিস্তানৰ ৰাজনৈতিক শক্তিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও পশ্চিম পাকিস্তানে এই ফলাফল মানি ল'বলৈ অস্বীকাৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত পূব পাকিস্তানৰ জনতা, ছাত্ৰশক্তি, বুদ্ধিজীৱী আৰু সশস্ত্ৰ বাহিনীসমূহে কৰা আন্দোলনৰ প্ৰত্যুত্তৰত পাকিস্তানৰ শাসকপক্ষই অপাৰেশ্যন চাৰ্চলাইট (ইংৰাজী: Operation searchlight) নামেৰে এক ৰক্তক্ষয়ী সেনা অভিযান আৰম্ভ কৰে। তেতিয়া পূ্ব পাকিস্তানৰ জনতাই ১৯৭১ চনৰ ৯ তাৰিখে মুক্তি বাহিনী (বঙালী: মুক্তি বাহিনী, ইংৰাজী: Liberation Army) নামেৰে এক মঞ্চ গঠন কৰি গেৰিলা যুদ্ধত প্ৰবৃত্ত হয়। ভাৰতে মুক্তি বাহিনীক অৰ্থনৈতিক, সামৰিক আৰু কূটনৈতিক সাহায্য প্ৰদান কৰে। ফলত পাকিস্তানেও ভাৰতৰ পশ্চিম সীমাত অপাৰেশ্যন জেংগিজ খান নামেৰে ভাৰতৰ বিৰুদ্ধে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ নামেৰে জনাজাত এক যুদ্ধ অভিযান আৰম্ভ কৰে।
১৯৭১চনৰ ১৬ ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনা আৰু মুক্তি বাহিনীৰ যুটীয়া শক্তিয়ে পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। দ্ধিতীয় বিশ্বযুদ্ধৰ পাচত ইয়েই আজিলৈকে যিকোনো যুদ্ধত সৰ্বাধিক যুদ্ধবন্দী আটক কৰাৰ একমাত্ৰ ঘটনা।