বংগ চুলতানী
From Wikipedia, the free encyclopedia
বংগ চুলতানী (Middle Bengali: শাহী বাঙ্গালা Shahī Baṅgala, Classical Persian: سلطنت بنگاله Saltanat-e-Bangālah)[1] বংগ অঞ্চলত ১৪, ১৫ আৰু ১৬ শতিকাত বিয়পি থকা এখন ৰাজ্য।[2][3][4] ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপৰ আতাইতকৈ শক্তিশালী ৰাজ্য আছিল। উৰিষ্যা, ত্ৰিপুৰা[5] আৰু আৰাকান[6] আছিল এই ৰাজ্যৰ তলতীয়া ৰাজ্য। বংগ চুলতানীৰ ৰজাসকলে কেইবাবাৰো অসম, নেপাল, জৌনপুৰ, বেনাৰস আদি আক্ৰমণ কৰিছিল। এই ৰাজ্যৰ অধীনত পূব-ভাৰতৰ বৃহৎ অংশ আছিল। ৰাজ্যখনত ৫ বংশই শাসন কৰিছিল, আৰু ইয়াৰ সৰ্বোচ্চ কাল আছিল হুছেইন শ্বাহ বংশৰ দিনত। ই এছিয়াৰ আতাইতকৈ শক্তিশালী ৰাজ্যৰ অন্যতম আছিল, আৰু আছিল এক ধনী বেপাৰী ৰাজ্য। বংগ চুলতানীৰ পতনৰ আৰম্ভণি ঘটিছিল চুৰী ৰাজ্যৰ দ্বাৰা কৰা হোৱা শাসনহীন কালত, যাৰ পাছত মোগলে এই ৰাজ্য জয় কৰিলে, আৰু এই ৰাজ্য সৰু সৰু ভাগত বিভক্ত হ'ল।