ব'ন চাইনা
From Wikipedia, the free encyclopedia
হাড়ৰ ছাই, ফিল্ডছ্পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্চিয়াম ফছ্ফেট থকা অস্বচ্ছ পাত্ৰ।[1] শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি। উচ্চ মাত্ৰাৰ বগা বৰণ আৰু অস্বচ্ছতাৰ বাবে ই প্ৰখ্যাত।[2][3] জোৰ বেছি বাবে আন চীনামাটিতকৈ ইয়াক পাতলকৈ গঢ়িব পাৰি।[2] আন পোৰামাটিৰ দৰে ইয়ো কাচসদৃশ হৈ পৰে, কিন্তু আন খনিজাত বৈশিষ্ট্যৰ বাবে ই অস্বচ্ছ।[4]
১৭৯০ দশকৰ আৰম্ভণিতে ইংৰাজ কুমাৰ জ'ছিয়া স্পডে ব্যৱসায়িকভাৱে প্ৰথম ব'ন চাইনাৰ বিকাশ কৰে। প্ৰাৰম্ভিক বিকাশৰ পৰা বিংশ শতিকাৰ শেষলৈকে ব'ন চাইনা প্ৰায় একচেতিয়াকৈ ইংৰাজ সামগ্ৰী আছিল। বেছিভাগ বস্তুৰ উৎপাদন ষ্ট'ক-অন-ট্ৰেণ্ট নাম ঠাইত হৈছিল।[5] ফ'ৰ্টনাম আৰু মেচন, মিল্টন, ক'লপ'ৰ্ট, স্পড, ৰয়েল ক্ৰাউন ডাৰ্বী আদি বেছিভাগ ডাঙৰ ইংৰাজ কোম্পানীয়ে এতিয়াও ব'ন চাইনা সামগ্ৰীৰ উৎপাদন কৰে।